• ৱাংখেড়েত কোহলীৰ ফ্লপ শ্ব’! ভাৰতীয়ই খহালে ভাৰতৰ ভেটি...

    আঞ্চলিক
    ৱাংখেড়েত কোহলীৰ ফ্লপ শ্ব’! ভাৰতীয়ই খহালে ভাৰতৰ ভেটি...

    ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাংখেড়ে ষ্টেডিয়ামত দ্বিতীয় তথা অন্তিম টেষ্টত অৱতীৰ্ণ হৈছে ভাৰত। প্ৰত্যাৱৰ্তন প্ৰত্যাশিত নহ’ল কোহলীৰ। ভাৰত বনাম নিউজিলেণ্ডৰ দ্বিতীয় টেষ্টত পুনৰবাৰ ব্যৰ্থ ভাৰতীয় অধিনায়ক বিৰাট কোহলী। এজাজ পেটেলৰ চতুৰ্থ বলতে চিকাৰ হয় বিৰাট কোহলী। কোনো ৰান নকৰাকৈয়ে এজাজৰ বলত এলবিডব্লিউ হয় ৰান মেছিন কোহলী। কোহলীয়ে ৰিভিউ বিচাৰিলেও থাৰ্ড আম্পায়াৰৰ বিচাৰমৰ্মে পেভেলীয়নমুখী হয় বিৰাট। ইয়াৰ লগে লগে কোহলীয়ে ৰচিলে অন্য এক অভিলেখ। ঘৰৰ মাটিত সৰ্বাধিক ১০বাৰ শূন্যত আউট হোৱা ভাৰতীয় অধিনায়কৰ তালিকাত কোহলীৰ নাম। ইয়াৰ পূৰ্বে কপিল দেৱ আৰু ধেনীয়ে সৰ্বাধিক ৫বাৰ শূন্য ৰানত আউট হৈছিল।









    স্মৰ্তব্য যে, বৰষুণে বিধি-পথালি দিয়া বাবে দ্বিতীয় টেষ্টৰ প্ৰথমদিনৰ খেল নিৰ্ধাৰিত সময়ত আৰম্ভ হোৱা নাছিল। খেলখন পলমকৈ আৰম্ভ হ’লেও ভাৰতীয় অপেনাৰদ্বয় ক্ৰমে- শুভমন গীল আৰু মায়ংক আগৰৱালে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতে মায়ংকৰ শতকেৰে প্ৰথম দিনৰ অন্তত ৪উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২২১ ৰান। ইনিংছৰ ৮০ ৰানত ভাৰতে প্ৰথমটো উইকেট হেৰুৱায়৷ ইফালে ব্ৰেক থ্ৰুৰ পাছত এজাজ পেটেলৰ বলত আউট হয় কোহলী৷ শুভমন গীলে ৪৪ ৰানত আউট হোৱাৰ পাছত চেটেশ্বৰ পূজাৰাৰ বেটিং বিক্ৰমৰ বাবে বাট চাই আছিল অনুৰাগীয়ে। কিন্তু এজাজ পেটেলেৰ বলত দিশহাৰা হয় পূজাৰাও। পূজাৰাই বিষন্নমনে শূন্য ৰানত পেভিলিয়নমুখী হয়।









    ইফালে, এজাজ পেটেলে ভাৰতৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এখন টেষ্টৰ এটা ইনিংছত ১০টা উইকেট লোৱা বিশ্বৰ তৃতীয় গৰাকী বলাৰৰ কৃতিত্ব অৰ্জন এজাজ পেটেলৰ। ইংলেণ্ডৰ বলাৰ জিম লেকাৰ আৰু ভাৰতৰ অনিল কুম্বলেৰ পাছতে তৃতীয়গৰাকী বলাৰ হিচাপে এই অভিলেখ এজাজৰ। ৩২৫ ৰানত ভাৰতে প্ৰথম ইনিংছ সামৰাৰ পাছত কুম্বলেই আজাজক প্ৰশংসা কৰি টুইট কৰিছে। টুইটযোগে কুম্বলেই কয়, ‘আমাৰ ক্লাবলৈ স্বাগতম এজাজ। তুমি ভাল বলিং কৰিছা। টেষ্ট খেলখনৰ প্ৰথম আৰু দ্বিতীয় দিনত এনে প্ৰদৰ্শন দেখুওৱাটো নিঃসন্দেহে এক অনবদ্য প্ৰয়াস।’ কেৱল কুম্বলেই নহয় কেইবাজনো ক্ৰিকেটাৰে এজাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, টেষ্ট ক্ৰিকেটৰ এখন খেলত ১০টা উইকেট লোৱা এজাজ প্ৰথমগৰাকী কিৱি বলাৰ আৰু টেষ্ট ইতিহাসৰ তৃতীয়জন বলাৰ হিচাপে এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰাৰ সুবাদত এজাজক শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্বৰ বহু আগশাৰীৰ ক্ৰিকেট তাৰকাই। এতিয়া কোহলীৰ নেতৃত্বত ভাৰতে কিদৰে প্ৰত্যাৱৰ্তন কৰে সেয়াহে হ’ব লক্ষ্যণীয়!