• ‘অসম গ্ৰন্থমেলা’ : অনুষ্ঠিত হ'ব ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰী লৈ

    আঞ্চলিক
    ‘অসম গ্ৰন্থমেলা’ : অনুষ্ঠিত হ'ব ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰী লৈ

    গুৱাহাটী: আকৌ জ্ঞানৰ পোহৰেৰে উজলিব চানমাৰিৰ খেলপথাৰ৷ পঢ়ুৱৈ-লেখকৰ বাবে এক উৎসৱকালীন পৰিৱেশৰ সৃষ্টি কৰে গুৱাহাটী গ্ৰন্থমেলাই৷ এইবাৰ ‘অসম গ্ৰন্থমেলা’ নামেৰে অনুষ্ঠিত কৰা গ্ৰন্থমেলা ২৯ ডিচেম্বৰ ২০২১ৰ পৰা ৯ জানুৱাৰী, ২০২২লৈ অনুষ্ঠিত হ’ব৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ ‘অসম প্ৰকাশন পৰিষদ’ আৰু ‘সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা’ই যুটীয়াভাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব৷





    ‘অসম প্ৰকাশন পৰিষদ’ আৰু ‘সদৌ অসম প্ৰকাশক আৰু বিক্ৰেতা সংস্থা’ৰ যুটীয়া সংবাদমেল সম্বোধন ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তৰ৷ বামুণীমৈদানস্থিত ‘অসম প্ৰকাশন পৰিষদ’ৰ কাৰ্যালয়ৰ এই সংবাদমেলত আগন্তুক গ্ৰন্থমেলাৰ আয়োজনৰ যো-জা সন্দৰ্ভত বিস্তৃত বিবৰণ দিয়ে৷





    ‘অসম গ্ৰন্থমেলা’ নামেৰে অনুষ্ঠিত হোৱা এইবাৰৰ গ্ৰন্থমেলা ১২ দিনীয়াকৈ আয়োজন কৰা হ’ব৷ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰতে অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ দুটা অনুষ্ঠান একেলগ হৈছে যদিও পৰিৱেশ ভাল হ’লে পূৰ্বৰ দৰে পুনৰ হ’ব পৃথকে পৃথকে গ্রন্থমেলা৷ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্রন্থমেলা একলগ হৈ অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা’৷ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া হ’ব গ্ৰন্থমেলাৰ প্ৰৱেশ





    “অসম গ্ৰন্থ মেলাত” অংশগ্রহণৰ বাবে অসম প্ৰকাশন পৰিষদৰ ৱেবছাইট
    www.publicationbordassam.com আবেদনৰ প্ৰ পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান পৰিষদৰ ।





    অৱশ্যে বড়ো সাহিত্য সভাৰ সৈতে একেলগ হৈ বড়োলেণ্ডত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা ‘অসম প্ৰকাশন পৰিষদ’ৰ৷ উল্লেখ্য যে, বিগত বৰ্ষত ‘গুৱাহাটী গ্ৰন্থমেলা’ত দেখা গৈছিল অভিলেষ সংখ্যক পঢ়ুৱৈ, পাঠকৰ অংশগ্ৰহণ৷ যুৱ-প্ৰজন্মৰ মাজত পাঠকৰ সংখ্যা বৃদ্ধিয়ে এক যোগাত্মক দিশ কঢ়িয়াই আনিছিল সাহিত্য জগতলৈ৷