• ‘আছু’ উপ-সভাপতি মানিক গগৈৰ পদত্যাগঃ আৱেগিক ছাত্ৰকৰ্মী

    আঞ্চলিক
    ‘আছু’ উপ-সভাপতি মানিক গগৈৰ পদত্যাগঃ আৱেগিক ছাত্ৰকৰ্মী

    সোণাৰীঃ বহু জল্পনা-কল্পনাৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মানিক গগৈয়ে পদত্যাগ কৰিলে ছাত্ৰ সংগঠনটোৰ পৰা। সুদীৰ্ঘ কাল ছাত্ৰ সন্থাৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা মানিক গগৈৰ পদত্যাগৰ পাছতে শুকুৰবাৰে সন্ধিয়া এক আৱেগিক পৰিৱেশৰ মাজতে বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলে সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই।





    আৰু পঢ়িব পাৰিব : কুইপ’ৰ ২ বিষয়াক চৰম শাস্তিৰ ঘোষণা আলফা(স্বা)ৰ…





    উল্লেখ্য যে নব্বৈৰ দশকৰ পৰাই ‘আছু’ৰ মজিয়াত থাকি জাতীয় জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বলিষ্ঠ কণ্ঠৰে নেতৃত্ব প্ৰদান কৰিছিল ছাত্ৰ সন্থাক। মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ক্ৰমে চৰাইদেউ মহকুমা ছাত্ৰ সন্থা, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু দুবাৰকৈ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ লগতে সোণাৰী প্ৰেছ ক্লাব, চৰাইদেউ প্ৰেছ গীল্ড, আপকু চৰাইদেউ জিলা সমিতিৰ তৰফৰপৰাও সম্বৰ্ধনা জনোৱা হয়।





    আৰু পঢ়িব পাৰিব : মানৱ সৰবৰাহকাৰী দম্পত্তিক গ্ৰেপ্তাৰ ওদালগুৰিৰ চাহ বাগিছাত…





    মন কৰিবলগীয়া যে প্ৰাক্তন ছাত্ৰ নেতা মানিক গগৈয়ে আজি মাহমৰা সমষ্টিৰ জজলী পাঁচআলিত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৱেশৰ মঞ্চত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোত যোগদান কৰিব বুলি জানিব পৰা গৈছে।