• ‘আলফা সদস্যৰে যুৱতীৰ প্ৰেমৰ সম্পৰ্ক বাতৰি ভিত্তিহীন...’, একাংশ সংবাদ মাধ্যমক সকীয়নি আলফাৰ

    আঞ্চলিক
    ‘আলফা সদস্যৰে যুৱতীৰ প্ৰেমৰ সম্পৰ্ক বাতৰি ভিত্তিহীন...’, একাংশ সংবাদ মাধ্যমক সকীয়নি আলফাৰ

    গুৱাহাটী: সশস্ত্ৰ সংগঠনত যুৱক-যুৱতীৰ যোগদান ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ শুকুৰবাৰে ৫গৰাকী যুৱতীৰ আলফা (স্বাঃ)ত যোগদান কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে বিভিন্ন বাতৰিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷





    অৰণ্য অভিমুখে দুগৰাকী প্ৰতিভাবান ৰাষ্ট্রীয় কিক বক্সিং খেলুৱৈসহ তিনিগৰাকী যুৱতীৰ সন্দৰ্ভত ওলোৱা বিভিন্ন তথ্যৰ পাছতে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সকীয়নি দিয়ে আলফাই৷





    একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে আলফাই ক্ষোভ উজাৰি যুৱতীৰ যোগদান সন্দৰ্ভত আলফা (স্বাঃ)-এ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ‘সশস্ত্ৰ বিপ্লৱলৈ যুৱক-যুৱতী আহিয়ে থাকিব৷ আলফা সদস্যৰে যুৱতীৰ প্ৰেমৰ সম্পৰ্ক সন্দৰ্ভত বাতৰি ভিত্তিহীন’- বুলি একাংশ সংবাদ মাধ্যমক সকীয়নি দিলে আলফাই৷





    ইপিনে যুৱতীৰ আলফাত যোগদান সন্দৰ্ভত আৰক্ষীৰ বিশেষ শাখাৰ ADGP হীৰেণ নাথে কয় যে ‘ঘৰৰ মানুহে এতিয়াও স্পষ্ট কৰা নাই আলফালৈ যোৱাৰ কথা৷ খেলৰ বাবে বহুদিন ঘৰত নাথাকে যুৱতীকেইগৰাকী৷ ১১ নৱেম্বৰৰ পৰা নিখোঁজ হৈ আছে তেওঁলোক৷’ অৱশ্যে বিষয়টো পৰ্যবেক্ষণৰ বাবে সংশ্লিষ্ট জিলাৰ এছপিক নিৰ্দেশ দিয়ে নাথে৷