• ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

    আঞ্চলিক
    ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ আওতালৈ কেন্দ্ৰীয় বাহিনী, গৃহমন্ত্ৰীৰ পদক্ষেপ

    গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ শুভাৰম্ভ কৰে৷ পূৰ্বতে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ লোকসকল অন্তৰ্ভুক্ত নাছিল৷ গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীৰ ন-মাইলৰ চিআৰপিএফৰ শিবিৰত উপস্থিত থাকি সংস্থাটোৰ বিষয়া-জোৱানৰ সৈতে মত বিনিময় কৰে৷





    আৰু পঢ়িব পাৰিব : পুনৰ ফাদিল পাকিস্তানৰ ষড়যন্ত্ৰ, জম্মু-কাশ্মীৰলৈ সুৰংগ পথেৰে সন্ত্ৰাসবাদী





    ‘আয়ুষ্মান ভাৰত’ আঁচনি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচী লৈ অসমলৈ অহা অমিত শ্বাহে পুৱা মেঘালয় ভ্ৰমণ কৰে৷ লগতে কাইলৈ অনুষ্ঠিত হ'ব লগা বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিত নলবাৰী আৰু কোকৰাঝাৰৰ জনসভাত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে৷





    আৰু পঢ়িব পাৰিব : ‘কা’ আমি নামানোঃ পুনৰ ক্ষোভৰ জুইত জ্বলিল ৰাজ্য





    ইপিনে আজি দেশৰ প্ৰধানমন্ত্ৰীয়েও শিৱসাগৰত অনুষ্ঠিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে৷ এই সভাত ৰাজ্যৰ ১.০৬ লাখ পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়৷