Regional
কাজিৰঙা: মটৰ চাইকেল হ’ব এতিয়াৰে পৰা কাজিৰঙাৰ বনকৰ্মীৰ নতুন সাৰথী৷ বন্যপ্ৰাণীৰ চোৱা-চিতাৰ বাবে মটৰ চাইকেলৰ সুবিধা পাব বনকৰ্মীসকলে৷ কাজিৰঙা বন কৰ্তৃপক্ষক বেচৰকাৰী সংগঠন ‘আৰণ্যক’-এ প্ৰদান কৰে ৬খন মটৰ চাইকেল৷
বন্যপ্ৰাণী সুৰক্ষাত সহায়ক হোৱাকৈ শনিবাৰে প্ৰদান কৰে এই মটৰ চাইকেল কেইখন৷ ‘আৰণ্যক’ৰ সচিব প্ৰধান বিভৱ তালুকদাৰ, জ্যেষ্ঠ প্ৰকল্প বিষয়া আৰিফ হুছেইনৰ লগতে বিভিন্ন কৰ্ম-কৰ্তাৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈৰ হাতত মটৰ চাইকেল ৬খন প্ৰদান কৰে৷
কাজিৰঙাৰ ‘পৰমানন্দ লাহন প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত মটৰ চাইকেল প্ৰদান অনুষ্ঠানত উপস্থিত থাকি বন কৰ্তৃপক্ষই কয় যে, মটৰ চাইকেলকেইখন কাজিৰঙাৰ বাবে খুবেই কাৰ্যকৰী হ’ব৷ চাৰিখন মটৰ চাইকেল পূব-অসম বন্যপ্ৰাণী প্ৰাধিকাৰী কাৰ্যালয়ৰ অধীনত ৰখাৰ বিপৰীতে দুখন নগাঁও বন্যপ্ৰাণী সংমণ্ডলত ৰখা হ’ব৷’
Leave A Comment