Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
বঙাইগাঁও : ৰাজ্যৰ শিক্ষাখণ্ডলৈ আন এক সুখবৰ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে’ৰ এক সমীক্ষাত বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ে কলা শাখাত ভাৰতৰ ভিতৰত ১৫৮ আৰু বিজ্ঞান শাখাত ১৫২ নম্বৰ স্থান দখল কৰিছে৷ ‘ইণ্ডিয়া টুডে’ৰ উদ্যোগত এইবাৰ ২৫ সংখ্যক সমীক্ষা চলোৱা হৈছিল৷
আৰু পঢ়িব পাৰিব : অগ্নি-পি : প্ৰতিৰক্ষা খণ্ডত আৰু এখোজ আগুৱালে ভাৰত
শৈক্ষিক উৎকৰ্ষ সাধন, আন্তঃগাঁঠনি, উপলব্ধ অভিজ্ঞতা, ব্যক্তিত্ব, নেতৃত্ব বহনকাৰী দক্ষতা বিকাশ, কেৰিয়াৰ আৰু নিয়োগৰ উপৰি মহামাৰী কৰ’নাৰ সময়ত গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা চলোৱা হৈছিল৷ কলা শাখাত ৩৮০ পইণ্টেৰে ১৫৮সংখ্যক স্থান আৰু বিজ্ঞান শাখাত ৬১৭.৯ পইণ্টেৰে ১৫২সংখ্যক স্থান দখল কৰে মহাবিদ্যালয়খনে৷
আৰু পঢ়িব পাৰিব : ইংলেণ্ডকো চেৰ পেলালে দেশৰ বিশেষ অভিযানে, প্ৰধানমন্ত্ৰীৰ অভিনন্দন
এই সমীক্ষাত ভাৰতৰ সৰ্বমুঠ ৪২,৪৪৩খন শিক্ষানুষ্ঠানক সামৰি লৈছিল ‘ইণ্ডিয়া টুডে’ই৷
Leave A Comment