Entertainment
গুৱাহাটী : জনতা ভৱনত আজি এখন সংবাদমেলযোগে অসম এক ৰাষ্ট্র, এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী ৰঞ্জিত দাসে৷ ভুৱা হিতাধিকাৰী শীঘ্ৰেই চিনাক্ত কৰাৰ লগতে এতিয়ালৈ ১ লাখ ভুৱা ৰেচন কাৰ্ড জব্দ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে৷
এই সন্দৰ্ভত তেওঁ কয়, ইতিমধ্যে ১ লাখ ভুৱা ৰেচন কাৰ্ড জব্দ কৰা হৈছে৷ এতিয়াৰে পৰা বায়’মেট্ৰিক পদ্ধতি প্ৰয়োগ কৰা হ’ব আৰু এই ব্যৱস্থাৰ ফলত চাউলৰ চোৰাং বেহা বন্ধ হ’ব৷ ৩৩,৯৭৮খন সুলভ মূল্যৰ দোকানৰ যোগেদি সামগ্ৰী যোগান ধৰা হ’ব৷
নিজ কাৰ্ডৰ জৰিয়তে দেশৰ সকলোতে সংগ্ৰহ কৰিব পাৰিব ৰেচন৷ ৰেচন পাবলৈ আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব বুলিও তেওঁ সদৰি কৰে।
Leave A Comment