• ‘এতিয়াৰে পৰা কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব’

    আঞ্চলিক
    ‘এতিয়াৰে পৰা কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব’

    ডিফুঃ ৪ ছেপ্টেম্বৰত শান্তিচুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলঙৰ ৬টাকৈ বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰ লগতে সদস্যসকলক বুধবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী৷ উক্ত অনুষ্ঠানতে চুক্তিত স্বাক্ষৰকাৰী ছয় বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰ লগতে সদস্যসকলক একোখনকৈ কাৰ্বি গামোচা, মোনা আৰু জেকেটেৰে সম্বৰ্ধনা জনোৱা হয়৷





    সম্বৰ্ধনা অনুষ্ঠানত সু-সাহিত্যিক ৰংবং তেৰাং, প্ৰাক্তন সাংসদ বীৰেণছিং ইংতি, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ হৰেণছিং বে’, কাৰ্বি আংলঙৰ বিধায়কসকলৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্যসকলকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷





    শান্তিচুক্তিৰে সমাজৰ মূল সূঁতিলৈ উভতি অহা বিদ্ৰোহী নেতা সদস্যসকলক সম্বৰ্ধনা জনাই পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে কয় যে - ‘এতিয়াৰে পৰা কাৰ্বি আংলঙত শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু এই শান্তি পৰিৱেশৰ মাজেৰে জিলাখনত কৰ্ম-সংস্কৃতিৰ লগতে সৰ্বংগীন বিকাশ সাধন হ’ব।’