• ‘কিষাণ সন্মান নিধি’ত ৫৫৪ কোটিৰ দুৰ্নীতি, খোদ কৃষিমন্ত্ৰীয়ে দিলে তথ্য

    আঞ্চলিক
    ‘কিষাণ সন্মান নিধি’ত ৫৫৪ কোটিৰ দুৰ্নীতি, খোদ কৃষিমন্ত্ৰীয়ে দিলে তথ্য

    গুৱাহাটী : প্ৰধানমন্ত্ৰীৰ ‘কিষাণ সন্মান নিধি’ সন্দৰ্ভত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষিমন্ত্ৰী অতুল বৰাই বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে৷ কৃষিখণ্ডত অসমত অধিক অনিয়ম সংঘটিত হোৱাৰ লগতে বহুসংখ্যক ভুৱা কৃষক চিনাক্ত হোৱাৰ তথ্য তেওঁ প্ৰকাশ কৰে৷ এই আঁচনিৰ নামত মুঠ ৫৫৪ কোটি টকাৰ বৃহৎ দুৰ্নীতি সংঘটিত হোৱা বুলি তেওঁ তথ্য দাঙি ধৰে৷






    তেওঁ প্ৰকাশ কৰা মতে, দুৰ্নীতিৰ শতাংশ হিচাপত ১৯.৭ শতাংশ অনিয়ম এই বিভাগটোত হৈছে৷ এই আঁচনিত অসমত ২৬লাখ কৃষকৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু ইয়াৰে প্ৰায় ১১ লাখ কৃষক ভুৱা হিচাপে চিনাক্ত হৈছে৷ কৃষিমন্ত্ৰী অতুল বৰাৰ মতে, দেশৰ মুঠ ভুৱা কৃষকৰ প্রায় ৪০শতাংশই অসমৰ৷ তদুপৰি ভুৱা কৃষকৰ সংখ্যা বৰপেটাত সৰ্বাধিক। দ্বিতীয় স্থানত নগাঁও, তৃতীয় স্থানত গোলাঘাট জিলা আছে৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে ভোটাৰসকলক প্ৰভাৱিত কৰা হৈছিল বুলিও তেওঁ বিস্ফোৰক মন্তব্য কৰে৷





    প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ দুৰ্নীতিত জড়িত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বৰ্তমানলৈ কোনো তদন্ত হোৱা নাই বুলি প্ৰকাশ কৰি তেওঁ কয়, এতিয়ালৈকে অসমৰ ৮১৭গৰাকী ভুৱা কৃষকে লাভ কৰা ধন ওভতাই দিছে৷ আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ বিপৰীতে কেঁচা চাহপাতৰ দাম নিম্নগামী হোৱাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, ইয়াৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।