• ‘খাদ্য সামগ্ৰীৰ আমদানিৰ বাবে হৈছে মূল্যবৃদ্ধি’ - মুখ্যমন্ত্ৰী

    আঞ্চলিক
    ‘খাদ্য সামগ্ৰীৰ আমদানিৰ বাবে হৈছে মূল্যবৃদ্ধি’ - মুখ্যমন্ত্ৰী

    গুৱাহাটী: চলিত বাজেট অধিৱেশনৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহকেইটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে৷ অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত কৰা প্ৰশ্নত ‘বস্তুৰ দাম কমিবলৈ আত্ম নিৰ্ভৰশীল অসম হ’ব লাগিব’- বুলি ভাষণত কয় মুখ্যমন্ত্ৰীয়ে৷ বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লগা হোৱা বাবে খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে।





    মই দায়িত্ব দিয়া প্ৰথম মহিলা বিত্তমন্ত্ৰীয়ে উৎকৃষ্ট বাজেট উপহাৰ দিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ নৱম আৰু দশম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ মোবাইলৰ বাবে ৪৫.৪৮ কোটি মাৰ্চৰ আগতে মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বিৰোধীয়ে এই পত্ৰ পঢ়িব নালাগে বুলি কয়।





    এইবছৰ ১২টা নতুন ধ্বজাবাঁহী আঁচনি লোৱা হৈছে। লগতে যোৱা সময়ত লোৱা আঁচনিসমূহো পূৰণ কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে৷ কেন্দ্ৰৰ পৰা পোৱা পুঁজিৰ হিচাব দাখিলো কৰে বিধাসভাত৷ ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান দ্বিতীয় বা তৃতীয়৷





    প্ৰতিবছৰে এখনহে মেডিকেল কলেজ সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰা হৈছে৷ ক’ভিডত মৃতকৰ পৰিয়ালক ১ লাখ টকা সাহায্য দিয়া অসম একমাত্ৰ ৰাজ্য৷ আগন্তুক তিনিবছৰৰ ভিতৰত ২ লাখক নিবনুৱাক চাকৰি দিয়া হ’ব। মথাউৰীৰ ওপৰত ১০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।





    ইয়াৰ উপৰি আন্দোলন নোহোৱা বাবে এতিয়া অসমৰ অৱস্থা ভাল হৈছে বুলিও কয়। দেহ বিক্ৰী কৰিবলৈ কেৰালালৈ যোৱা ৯গৰাকী মহিলাক উদ্ধাৰ হৈছে আৰু ছিকিমৰ পৰা ৩৪টা শিশু উদ্ধাৰ হৈছে। সংখ্যালঘু অঞ্চলত হোৱা জন বিস্ফোৰণ উদ্বেগৰ কাৰণ।