• ‘খেলৰত্ন’ বঁটাৰ বাবে মনোনীত মিতালী ৰাজ আৰু ৰবিচন্দ্ৰন অশ্বিনৰ নাম

    আঞ্চলিক
    ‘খেলৰত্ন’ বঁটাৰ বাবে মনোনীত মিতালী ৰাজ আৰু ৰবিচন্দ্ৰন অশ্বিনৰ নাম

    নতুন দিল্লী : ক্ৰীড়াক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱালৈ সক্ষম হোৱা খেলুৱৈসকলক প্ৰতিবছৰে ২৯ আগষ্টৰ দিনা ‘খেলৰত্ন’বঁটাৰে সন্মানিত কৰা হয়। ২০২১বৰ্ষৰ ‘খেলৰত্ন’বঁটাৰ বাবে নাম তালিকা প্ৰেৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।এনে সময়তে ভাৰতীয় ক্ৰিকেট বোৰ্ডে ‘খেলৰত্ন’ পুৰস্কাৰৰ বাবে দুগৰাকী খেলুৱৈৰ নাম প্ৰেৰণ কৰিছে। বিচিচিআই-এ প্ৰেৰণ কৰা এই তালিকাৰ প্ৰথমতে আছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ নাম। আনহাতে পুৰুষৰ তালিকাত ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।





    উল্লেখ্য যে, মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২২বছৰ সম্পূৰ্ণ কৰিছে। আনহাতে অশ্বিনেও একেটা বৰ্ষতে টেষ্ট ক্ৰিকেটত মুঠ ৪০০উইকেট অৰ্জন কৰিছে। তদুপৰি বিচিচিআই-এ ‘অৰ্জুন বঁটা’ৰ বাবে মনোনীত ভাৰতীয় খেলুৱৈসকলৰ নামো ঘোষণা কৰিছে। ‘অৰ্জুন বঁটা’ৰ বাবে শিখৰ ধৱন, কে এল ৰাহুল আৰু যশপ্ৰীত বুমৰাহৰ নাম মনোনীত কৰা হৈছে। বিগত বছৰত ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা, মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপাল, মল্লযুঁজাৰু বিনেশ ফৌগাত, পেৰা অলিম্পিয়ান মৰিয়প্পন থঙ্গাবেলু আৰু টেবুল টেনিছৰ খেলুৱৈ মণিকা বাত্ৰাক ‘খেলৰত্ন’বঁটাৰে সন্মানিত কৰা হৈছিল।