• ‘গুৱাহাটী প্ৰেছ ক্লাব’ত উন্মোচন ‘প্ৰহেলিকা জীৱনৰ’ শীৰ্ষক উপন্যাস, অনুষ্ঠানত উপস্থিত দেৱজিত ভূঞা

    আঞ্চলিক
    ‘গুৱাহাটী প্ৰেছ ক্লাব’ত উন্মোচন ‘প্ৰহেলিকা জীৱনৰ’ শীৰ্ষক উপন্যাস, অনুষ্ঠানত উপস্থিত দেৱজিত ভূঞা

    ডিজিটেল ডেস্কঃ শুকুৰবাৰে ‘গুৱাহাটী প্ৰেছ ক্লাব’ত আয়োজিত এক অনুষ্ঠানত লেখিকা প্ৰনমিতা চক্ৰৱৰ্তীৰ নতুন উপন্যাস ‘প্ৰহেলিকা জীৱনৰ’ উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক অলকানন্দা দত্ত, ছবি সমালোচক উৎপল দত্ত আৰু ‘প্ৰাগ নিউজ’ৰ সহযোগী সম্পাদক দেৱজিত ভূঞাই গ্ৰন্থখন উন্মোচন কৰে।

    ১৫২ পৃষ্ঠাৰ এই উপন্যাসখন প্ৰকাশ কৰিছে ‘কুঞ্জলতা প্ৰকাশন’ৰ হৈ নিত্যাৰঞ্জন গোস্বামীয়ে। এগৰাকী ব্যক্তিৰ জীৱনৰ সুখ-দুখৰ মুহূৰ্তক সুন্দৰ উপস্থাপনেৰে ‘প্ৰহেলিকা জীৱনৰ’ নামৰ উপন্যাসখনক পাঠকে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰা হৈছে।