• ‘চাকৰিৰ বাবে মই খেলা নাছিলো, মা-দেউতাই কিন্তু চাকৰি এটা পোৱাটো বিচাৰিছিল’

    আঞ্চলিক
    ‘চাকৰিৰ বাবে মই খেলা নাছিলো, মা-দেউতাই কিন্তু চাকৰি এটা পোৱাটো বিচাৰিছিল’

    গুৱাহাটী: ‘চাকৰিৰ বাবে মই খেলা নাছিলো৷ মা-দেউতাই কিন্তু চাকৰি এটা পোৱাটো বিচাৰিছিল’ - বুলি মন্তব্য কৰে ব্ৰঞ্জকন্যা লাভলীনা বৰগোহাঁইয়ে৷ ‘সন্মানজনকভাৱে মোক আৰক্ষীৰ চাকৰি দিয়া হৈছে৷ যাৰ বাবে মই সুখী৷’-বুলি লাভলীনাই মন্তব্য আগবঢ়ায়৷ অলিম্পিকৰ মেডেল নিশ্চিত কৰাৰ মুহূৰ্তৰ কথা ক’লে লাভলীনাই৷ ‘মেচখন জিকিবলৈ প্ৰথমে মই নিজকে জিকিব লাগিব৷ মই দৃঢ় আছিলো- মই মাৰিমেই-মই জিকিমেই’-বুলি ব্যক্ত কৰে এথলীটীকগৰাকীয়ে৷





    পিতৃক আলিংগন কৰি আৱেগিক হৈ পৰিল লাভলীনা৷ মঞ্চতে উচুপি উঠিল বীৰকন্যা লাভলীনা৷ শুকুৰবাবে প্ৰাগ নিউজৰ সাংবাদিকৰ সৈতে মত-বিনিময় কৰে লাভলীনাই৷ জীৱনৰ কঠিন সময়বোৰ মনত পৰি চকুলো ওলায় অসমকন্যাৰ৷ তেওঁ কয়, ‘অলিম্পিকৰ মেডেলৰ পাছতো মই সলনি হোৱা নাই৷’ এইবাৰ অসমলৈ আহিয়েই শিশুসকলক উৎসাহিত কৰিব লাভলীনাই৷





    ‘অসমলৈ পুনৰ ঘূৰি আহি লগ কৰিম শিশুসকলক৷ শিশুসকলক স্পৰ্শ কৰিবলৈ দিম অলিম্পিকৰ মেডেল৷ শিশুসকলে অনুভৱ কৰক অলিম্পিকৰ মেডেলৰ স্পৰ্শ’- বুলি মন্তব্য কৰে লাভলীনাই৷ এতিয়াৰে পৰাই পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাব লাভলীনাই৷ ‘হোটেল তাজ ভিভাণ্টা’ত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত এই কথা সদৰী কৰে তেওঁ৷ ভাৰত গৌৰৱ লাভলীনাক অসম অলিম্পিক সন্থাই আগবঢ়ালে ৩ লাখ টকা৷ বহু ক্ৰীড়া সংগঠনে অভিনন্দন জনালে লাভলীনাক৷