• ‘জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়’ৰ অধ্যক্ষৰ বিৰুদ্ধে নামভৰ্তিৰ নামত ধনসংগ্ৰহৰ অভিযোগ

    আঞ্চলিক

    শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অধীনৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত ‘জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়’ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষা বিভাগৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ এই নিৰ্দেশনাক উলংঘা কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষজনে নতুনকৈ নামভৰ্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাষিকৰ দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ ছাত্র-ছাত্ৰীসকলৰ পৰা ৪-৫হাজাৰকৈ মাচুল হিচাপে সংগ্ৰহ কৰে।

    অধ্যক্ষজনে এই অভিযোগ নস্যাত কৰিলেও কিন্তু বহু কেইজন ছাত্র-ছাত্ৰীয়ে মাচুল সংগ্ৰহ কৰাৰ ৰচিদ প্ৰমাণ হিচাপে সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰে। আনহাতে ক’ভিড পৰিস্থিতিৰ বাবেই সকলো শিক্ষানুষ্ঠান বৰ্তমানলৈকে বন্ধ ৰখাৰ নিৰ্দেশ বাহাল ৰাখিছে যদিও কেনেদৰে অধ্যক্ষজনে নামভৰ্তিৰ নামত বিদ্যালয়খনত ভিৰ সৃষ্টি কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় ৰাইজে চৰকাৰ তথা বিভাগীয় নীতি-নিৰ্দেশনা নমনা অধ্যক্ষ ড° মানজিৎ গগৈৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে।

    Weather Forecast

    ASSAM WEATHER