• ‘তেজিমলাৰ দৰে হত্যা কৰিলে মোৰ কন্যাক, ৰুটি খোৱাই পুহিছিলো অসুৰক!’

    আঞ্চলিক
    ‘তেজিমলাৰ দৰে হত্যা কৰিলে মোৰ কন্যাক, ৰুটি খোৱাই পুহিছিলো অসুৰক!’

    গুৱাহাটী: ‘তেজিমলাৰ দৰে হত্যা কৰিলে মোৰ কন্যাক, ৰুটি খোৱাই পুহিছিলো অসুৰক!’ - শোকত ভাগি পৰা এগৰাকী মাতৃৰ মন্তব্য এয়া৷ বুধবাৰে মহানগৰীৰ উজানবজাৰত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড৷ ঘৰৰ ভিতৰতেই হানি-খুঁচি হত্যা কৰা হৈছিল ডিম্পল কুমাৱত নামৰ এগৰাকী কিশোৰীক৷ ইতিমধ্যেই হত্যাকাৰীক চিনাক্ত কৰিছে মহানগৰ আৰক্ষীয়ে৷ সম্পৰ্কীয় ভাতৃয়েই হত্যা কৰিছিল ডিম্পলক৷





    হত্যাকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছত শোকস্তব্ধ পিতৃ-মাতৃয়ে ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে৷ পিতৃ-মাতৃৰ ভাষ্য অনুসৰি, আশীক আৰু ডিম্পলে মোবাইলৰ বাবে সঘনাই কাজিয়া কৰিছিল৷ বুধবাৰেও মোবাইলৰ বাবে কাজিয়া হৈছিল তাৰ পাছত মোবাইলটো নিও লুকুৱাই থ’লে হত্যাকাৰীটোৱে বুলি মন্তব্য দুৰ্ভগীয়া পিতৃ-মাতৃৰ৷ হত্যাকাৰী আশীক গুপ্তা মীনা বজাৰৰ মেলাত জন্ম হৈছিল বুলি মন্তব্য মাতৃৰ৷





    'ছোৱালীৰ মুখত মই ফেছপেক লগাওঁ, কালি মই মা-হালধি সানিবলগীয়া হ’ল৷' লগতে দুৰ্ভগীয়া পিতৃয়ে কয়, ‘৬ মাহতেই যে মই ঘৰত দানৱ এটা আনিছিলোঁ, অসুৰৰ দৰে মোৰ কন্যাক বধ কৰিব মই ভবাই নাছিলোঁ।’ লগতে হত্যাকাৰীৰ মুখ কেতিয়াও নাচাও বুলি ক’লে মাতৃগৰাকীয়ে৷