North East
বিলাসীপাৰা : গুৰু-শিষ্যৰ সম্পৰ্ক পবিত্ৰ। পিছে বিলাসীপাৰাত এই সম্পৰ্কৰ গৰিমাক ভৰিৰে মোহাৰিলে এজন প্ৰবক্তাই। অনলাইন শিক্ষাৰ নামত এজন প্ৰবক্তাই ছাত্ৰীক দিলে অশ্লীল ইংগিত। ইয়াক লৈ উত্তপ্ত হৈ পৰে মহাবিদ্যালয় চৌহদ। শিক্ষাতত্ত্ব বিভাগৰ বিষ্ণু পদ ৰায় নামৰ প্ৰবক্তাজনে মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক বিভিন্ন অশ্লীল ইংগিত দিয়ে।
মেচেজত প্ৰবক্তাগৰাকীয়ে ছাত্ৰীগৰাকীক কয় যে, "You are really very Sexy, তোমাক মই টপাৰ বনাই দিম। তোমাক মই কেৰিয়াৰ বনাই দিম।’ প্ৰবক্তাজনৰ এনে অনাকাংক্ষিত বাৰ্তা লাভ কৰি ছাত্ৰীগৰাকীয়ে হতভম্ভ হৈ পৰিয়ালক এই কথা জনায়। আজি পৰিয়ালৰ লোক আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়া মহাবিদ্যালয়খনত উপস্থিত হৈ প্ৰবক্তাজনক বিচাৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পাছত আৰক্ষীৰ দলে মহাবিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। এই সন্দৰ্ভত একাধিক সংগঠনৰ বিষয়ববীয়াই প্ৰবক্তাজনক তৎকালীনভাৱে নিলম্বিত কৰাৰ দাবী উত্থাপন কৰিছে। ইফালে, মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এমাহৰ বাবে প্ৰবক্তাজনক নিলম্বিত কৰিছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিলাসীপাৰা আৰক্ষী থানাতো দাখিল কৰিছে অভিযোগ।
Leave A Comment