গুৱাহাটীঃ ‘দিছপুৰ প্ৰেছ ক্লাব’ত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন৷ কেইবাটাও বিষয়ত বিটিআৰ প্ৰধানৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰা হৈছে৷ ২৫ আগষ্টত প্ৰমোদ বড়োৰে আলোচনাত মিলিত হৈছিল তেওঁলোক।
বিটিআৰত থকা অবড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ ওপৰত আলোচনা হয় বৈঠকত৷ সুৰক্ষা সমিতিয়ে দাবীসমূহ উত্থাপিত কৰিছিল প্ৰমোদ বড়োৰ ওচৰত৷ মূল দাবীসমূহ আছিল ক্ৰমে ভাষা সুৰক্ষা, ভূমিপট্টা, ভূমি নামজাৰি, নিবনুৱা সমস্যা সমাধান।
লগতে অবড়ো গাঁও বিটিআৰৰ পৰা কৰ্তন কৰাৰ মূল দাবী আছিল তেওঁলোকৰ৷ প্ৰায়সংখ্যক দাবীয়ে প্ৰমোদ বড়োৱে মানি লোৱা বুলি উল্লেখ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰকো একেটা দাবী জনায় অবড়ো সুৰক্ষা সমিতিয়ে৷
Leave A Comment