• ‘নবীন’ৰ প্ৰবন্ধ প্ৰতিযোগিতা : সাগৰিকা, নিৰ্মল, প্ৰিয়াৰ শ্ৰেষ্ঠত্ব

    আঞ্চলিক
    ‘নবীন’ৰ প্ৰবন্ধ প্ৰতিযোগিতা : সাগৰিকা, নিৰ্মল, প্ৰিয়াৰ শ্ৰেষ্ঠত্ব

    গুৱাহাটী : ‘কটন বিশ্ববিদ্যালয়, নবীন গোট’ৰ উদ্যোগত ৫২সংখ্যক ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। ‘সাম্প্ৰতিক অসমৰ সমাজ জীৱন আৰু বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা’ শীৰ্ষক বিষয়ৰ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে ‘কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়’ৰ ছাত্ৰী সাগৰিকা গোস্বামীয়ে।





    দ্বিতীয় স্থান লাভ কৰে ‘কটন বিশ্ববিদ্যালয়’ৰ গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ ছাত্ৰ নিৰ্মল ডেকা আৰু তৃতীয় স্থান ‘নৰ্থ-লখিমপুৰ মহাবিদ্যালয়’ৰ ছাত্ৰী প্ৰিয়া বৰুৱাই লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্বত আছিল ‘গুৱাহাটী কলেজ’ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড°ধৰণী লাহন। বিজয়ী প্ৰতিযোগীসকলক ডাকযোগে বঁটা প্ৰদান কৰা হ'ব বুলি কাৰ্যকৰী সমিতিয়ে আমাৰ সাংবাদিকক জানিবলৈ দিছে। লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীকে ধন্যবাদ জ্ঞাপন কৰে ‘নবীন পৰিয়াল’-এ|