• ‘পুৰণি পেঞ্চন নীতি’ত অন্তৰ্ভুক্তিৰ দাবী অ’বিবি শিক্ষকৰ

    আঞ্চলিক
    ‘পুৰণি পেঞ্চন নীতি’ত অন্তৰ্ভুক্তিৰ দাবী  অ’বিবি  শিক্ষকৰ

    ধুবুৰীঃ ধুবুৰী জিলাৰ অ’বিবি শিক্ষকসকলে পুৰণি পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি গৌৰীপুৰৰ মাটিয়াবাগত অনুষ্ঠিত কৰে এখনি সভা। ধুবুৰী জিলাৰ নিয়মীয়া অ’বিবি শিক্ষক সন্থাৰ সভাপতি পুলক দে’ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে শতাধিক শিক্ষক-শিক্ষয়িত্ৰী। ২০০১ত ফিক্স পে’ত চৰকাৰী নিয়মমতে নিযুক্তি লাভ কৰা এই শিক্ষকসকলক ২০০৪ চনত নিয়মীয়া কৰা হৈছিল। এইদৰে নিযুক্তি লাভ কৰা জিলাখনৰ ৩৯৮গৰাকী শিক্ষকক চৰকাৰৰ নতুন পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰে চৰকাৰে। ফলত ক্ষুব্ধ হৈ পৰে উক্ত শিক্ষক-শিক্ষয়িত্ৰীসকল।

    ‘সমগ্ৰ অসমত ২০০৪ চনৰ পূৰ্বে নিযুক্তিলাভ কৰা ৭০৬৬গৰাকী অ’বিবি (opatation Black Board ) আঁচনিৰ অধীনত নিযুক্তি পাই পৰ্যায়ক্ৰমে নিয়ামীয়া কৰা এইসকল শিক্ষক-শিক্ষক কোনো যুক্তিতে নতুন পেঞ্চনৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰে’- বুলি মন্তব্য আগবঢ়ায় তেওঁলোকে।


    অন্যথা তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। অ’বিবি আঁচনিৰ অধীনত নিযুক্তি পোৱা এই শিক্ষকসকলে অৱসৰৰ পাছত সামান্য পৰিমাণে কিছু টকা পাব বুলিও দোহাৰে শিক্ষকসকলে।