Sports
ডিজিটেল ডেস্ক : অৱেশেষত বিক্ৰমজিৎ বৰুৱা উভতি আহিল। কিন্তু অগণিত অনুৰাগীয়ে যিদৰে বিচাৰিছিল, সেইদৰে উভতি নাহিল। তেওঁৰ প্ৰাণ প্ৰাচুৰ্যপূৰ্ণ সেই শৰীৰ উভতি আহিল নিঠৰ হৈ। চিৰদিনৰ বাবে তেওঁৰ কাহানিও মাৰ নোযোৱা হাঁহিটো উটি গ’ল লুইতত। সাত দিনৰ অপেক্ষাৰ অন্তত তেওঁ উভতি আহিল অতি অবাঞ্চিত আৰু অনাকাক্ষিত ৰূপত। তেওঁৰ অগণিত শুভাকাংক্ষীৰ প্ৰাৰ্থনাই ৰুদ্ধ কৰিব নোৱাৰিলে তেওঁ অনাকাংক্ষিত, আকস্মিক বিদায়ৰ বাট। তেওঁৰ লগে লগে যেন নাইকিয়া হৈ গ’ল বহু সম্ভাৱনাও। মানুহক ভালপোৱা, মাজুলীক ভালপোৱা চিকিৎসকগৰাকীৰ বহু পৰিকল্পনা হৈ থাকিল আধৰুৱা। তেওঁৰ বহু সহকৰ্মী, তেওঁৰ অনুৰাগী, তথা ভালেমান সুহৃদে তেওঁৰ লগতে এতিয়া তেওঁৰ আধৰুৱা পৰিকল্পনাবোৰৰ কথাও সুঁৱৰিছে অশ্ৰুসিক্ত মনেৰে।
‘বিক্ৰম দা, শ্বিলঙৰে মনালিছা লিংডো… গাব লাগিছিল নহয়! অচিন চাপৰিত পতাকা এখন গুঁজি আহি যাওক আৰু! পিছত আমি আকৌ তালৈ যাম, হ'বনে? (ডা৹ লীয়ে কৈছোঁ)।’ তেওঁৰ এগৰাকী বন্ধু চিকিৎসক ডাঃ ৰূপম বড়োৱে ফেচবুকত লিখা এই কথাই ডাঃ বিক্ৰমজিৎ সম্পৰ্কে বহু কথাৰে ইংগিত দিয়ে। তেওঁৰ প্ৰাণ প্ৰাচুৰ্য, তেওঁৰ মন তৰংগৰ চাঞ্চল্য, সদায় নতুন কিবা এটা কৰাৰ তেওঁ উদ্দীপনা তথা সংস্কৃতিৰ প্ৰতি অকৃত্ৰিম প্ৰেম সকলো প্ৰতিভাত হৈছে তেওঁৰ অনুৰাগীসকলৰ কথাৰ মাজেৰে। বিক্ৰমজিৎ নামৰ উচ্ছ্বল আৰু প্ৰবহমান এই জীৱনটো নিথৰ হৈ যোৱাৰ পাছতো ডাঃ ৰূপম বড়োৱেই লিখিছে, বিদায় বিক্ৰম দা!স্মৃতিৰ যিখিলা পাতত আপুনি থাকিব, সেইখিলা পাতৰ নাম থ'লোঁ, ‘প্ৰাণ-প্ৰাচুৰ্য’। বিক্ৰমজিৎ বৰুৱাৰ প্ৰতি তেওঁৰ সুহৃদ আৰু অনুৰাগীৰ আকুল আকাংক্ষায়ো বাধা দিব নোৱাৰিলে লুইতৰ সোঁতক। তেওঁৰ সহপাঠী চিকিৎসক গীতা দত্তই লিখাৰ দৰে আধৰুৱা হৈ থাকিল ‘এই ঠাণ্ডাত চবেই একেলগে দিৰাং যোৱাৰ প্লেন’। আৰু কি কি হেৰাই গ’ল এই প্ৰাণময় ব্যক্তিগৰাকীৰ সৈতে!
তেওঁ গীত গাব ভালকৈ নাজানিছিল। কিন্তু তেওঁৰ আছিল এটা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল উদাৰ মন। তেওঁৰ আছিল মানুহক সেৱা কৰাৰ আন্তৰিক টান। এনে সংস্কৃতি প্ৰেম আৰু মানৱ প্ৰেমেই তেওঁক এটা গীত গাবলৈ অনুপ্ৰাণিত কৰিছিল। কৰ’না যুঁজৰ অগ্ৰণী সৈনিক হিচাপে তেওঁ লাভ কৰা অভিজ্ঞতাক আধাৰ হিচাপে লৈ এই গীত লিখি তেওঁ বাণীবদ্ধও কৰিছিল। যোৰহাটৰ কেইজনমান সংস্কৃতিবান বন্ধুৰ সৈতে লগ হৈ তেওঁ ‘প্ৰজেক্ট ডক্টৰ’ৰ কাম আৰম্ভ কৰিছিল। মাজুলীত তেওঁ কিদৰে ক’ভিড যুঁজত অংশ লৈছিল, তাৰেই পটভূমিত ৰচনা কৰা হৈছিল এই গীত। ক’ভিড দমনৰ নামত চিকিৎসকে যিখন যুঁজ চলাই থাকিবলগীয়া হৈছিল তাক তুলি ধৰিছিল এই গীতত। শিৱসাগৰৰ অ’জন ষ্টুডিঅ’ত অ’জন বেণ্ডৰ সহযোগত নিৰ্মাণ হৈছিল এই গীত।
কিন্তু তেওঁৰ এই সপোন পূৰণ নহ’ল। গীতটো মুকলি হোৱাৰ আগেয়েই আঁতৰি গ’ল ডাঃ বিক্ৰমজিৎ বৰুৱা। ক’ভিড যুঁজৰ সকলো সেনানীৰ বাবে উৎসৰ্গিত এই গীতত তেওঁ গাইছিল, ‘ৰাতিপুৱা শুই উঠি/ মুখত কিবা এটা গুঁজি/ হাতত ষ্টেথিস্ক’পডাল তুলি/ মাজুলীলে বাট বুলি…।’
তেওঁৰ এই সপোনাৰ পৰিকল্পনাটো আছিল মাজুলীৰে কথা, মাজুলীৰে অভিজ্ঞতা। এনে এগৰাকী জনদৰদী আৰু প্ৰাণৱন্ত চিকিৎসকৰ অই অকাল বিয়োগৰ দুখ সহজে পাহৰিব পাৰ নাযাব। হয়তো পাহৰা উচিতো নহ’ব। বৰং এগৰাকী উৎসৰ্গিতপ্ৰাণ চিকিৎসক, এগৰাকী সংস্কৃতিবান ব্যক্তি, এক জীৱন বিলাসী গতিশীল প্ৰবাহৰ ৰূপত আমাৰ অন্তৰে অন্তৰে বিক্ৰমজিৎ বৰুৱাক আমি ধাৰণ কৰি লৈ ফুৰিব লাগিব। তেওঁৰ সকলো আধৰুৱা স্বপ্নৰ স্মৃতিয়েই তেওঁৰ মহত্ত আৰু বিশালতাৰো সূচক হৈ ৰ’ব চিৰদিনলৈ।
Leave A Comment