• ‘প্ৰথমবাৰৰ বাবে বিধানসভাত সংযোজিত হব ডিজিটেল পাছ’ : বিশ্বজিৎ দৈমাৰী

    আঞ্চলিক
    ‘প্ৰথমবাৰৰ বাবে বিধানসভাত সংযোজিত হব ডিজিটেল পাছ’ : বিশ্বজিৎ দৈমাৰী

    গুৱাহাটী: বাজেট অধিৱেশনৰ প্ৰাকক্ষণত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায় যে, অধিৱেশনক লৈ বিশেষ কোনো নতুনত্ব নাই। বাজেট দাখিলৰ‌ দ্বাৰাই চৰকাৰে কামসমূহ কৰিব বুলি মন্তব্য প্ৰদান কৰে তেওঁ৷ লগতে অধিৱেশনক লৈ এইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে বুলি কয়।





    প্ৰথমবাৰৰ বাবে বিধানসভাত এইবাৰ সংযোজিত হ'ব ডিজিটেল পাছ। মন্ত্ৰী-বিধায়কৰ বাবে থাকিব স্মাৰ্ট কাৰ্ড। প্ৰেছ গেলাৰীত যাবলগীয়া লোকসকলক আছুতীয়া ডিজিটেল পাছ দিয়া হ’ব। মূল প্ৰৱেশদ্বাৰতে পাছ পৰীক্ষা কৰা হ’ব। বিধানসভাত লেপটপ ব্যৱহাৰ কৰিব পাৰিব‌ বিধায়সকলে। তাৰ বাবে প্ৰয়োজনত প্ৰশিক্ষণো দিয়া হ'ব বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷





    এইবাৰ কেৱল বিধায়ক আৰু বিধানসভাৰ কৰ্মচাৰীসকলক স্মাৰ্ট কাৰ্ড দিয়া হ'ব। বাজেট অধিৱেশন শেষ হোৱাৰ পাছত পৰৱৰ্তী অধিৱেশনৰ বাবে বাতৰি সংগ্ৰহৰ বাবে যোৱা সংবাদকৰ্মীৰ বাবে প্ৰেছ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত ল’ব। নতুনকৈ গঠন কৰা প্ৰেছ উপদেষ্টা কমিটীক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত অধ্যক্ষই মন্তব্য কৰে এনেদৰে- “বিধানসভাৰ লগত জড়িত সংবাদকৰ্মীসকলকহে এই কমিটীত ৰখা হৈছে। এই সকলোখিনি বিধানসভাৰ অধ্যক্ষই চূড়ান্ত কৰিছে। এই কমিটীখন ১ বছৰৰ বাবে গঠন কৰা হৈছে।”





    “ডিজিটেল ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ কৰা ৱেব প’ৰ্টেলৰ ক্ষেত্ৰত জনসংযোগ বিভাগে বিশেষ একো কৰা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে পীয়ুষ হাজৰিকাৰ নেতৃত্বত কৰিবলগীয়া কামসমূহৰ পৰিকল্পনা কৰা হৈছে। বিধানসভাত বিধায়কৰ প্ৰশ্নসমূহৰ হাৰ্ডকপিও থাকিব ডিজিটেলো হ’ব। বড়ো ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। গতিকে এইবাৰ বিধানসভাত বড়ো ভাষা ব্যৱহাৰ হ'ব আৰু পৰৱৰ্তী অধিৱেশনত ৫টা ভাষা ব্যৱহাৰ কৰা হ'ব।”-বুলিও মন্তব্য আগবঢ়ায়।