• ‘প্ৰাথমিক-হাইস্কুল'ৰ বাবে অক্টোবৰ মাহত হ’ব টেট পৰীক্ষা

    আঞ্চলিক
    ‘প্ৰাথমিক-হাইস্কুল'ৰ বাবে অক্টোবৰ মাহত হ’ব টেট পৰীক্ষা

    গুৱাহাটী: কাহিলিপাৰৰ ‘অসম সৰ্বশিক্ষা অভিযান মিছন’ৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰে৷ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত খালী পদসমূহ পূৰণৰ বাবে বিভাগে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷





    শিক্ষক নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ হৈছে৷ ২০২০ বৰ্ষত পাতিব নোৱাৰা বাবে ২০২১ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা৷ এই টেট পৰীক্ষাত উৰ্ত্তীণসকলে চৰকাৰৰ বাছনি পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰিব৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰাথমিকত ডিএলড আৰু হাইস্কুলৰ ক্ষেত্ৰত বিএড হ’ব লাগিব৷ কিন্তু চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীয়ে এই পৰীক্ষাত বহিব পাৰিব৷





    গ্ৰামাঞ্চলৰ বাবে ৭৫ শতাংশ আসন ছেবা আৰু Councilৰ বাবে সংৰক্ষিত কৰা হ’ব যদিও চহৰাঞ্চলত এই নিয়ম প্ৰযোজ্য নহয়৷ জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনসমূহে যদি একাদশ শ্ৰেণী আৰম্ভ কৰিব বিচাৰে তেওঁলোকক চৰকাৰে সুবিধা দিব৷ প্ৰতিযোগিতামূলকভাৱে উচ্চশিক্ষাৰ আসন লাভ কৰিব আৰু ২৫% আসন বৃদ্ধি হ’ব উচ্চ শিক্ষাৰ৷





    উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ কিলোমিটাৰ ভিত্তিত যদি কোনো উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়, আছে তেন্তে তেনে শিক্ষা প্ৰতিষ্ঠানক আবগ্ৰেড কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়৷