• ‘বিৰাট’ বিতৰ্কই ম্লান কৰিছে ভাৰতৰ বিজয় গৌৰৱ!

    আঞ্চলিক
    ‘বিৰাট’ বিতৰ্কই ম্লান কৰিছে ভাৰতৰ বিজয় গৌৰৱ!

    নতুন দিল্লী : বিশ্ব ক্ৰিকেটৰ এক বৰ্ণময় চৰিত্ৰ বিৰাট কোহলী। ২২গজৰ খেলপথাৰত কোহলীৰ উপস্থিতিয়ে ভাৰতীয় দলক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কিন্তু আৱেগ সম্বৰণ কৰিবলৈ যেন অপাৰগ তাৰকা ক্ৰিকেটাৰগৰাকী। সেয়ে কিছুমান কাৰ্যকলাপৰ বাবে সময়ে সময়ে বিতৰ্কত সাঙোৰ খাই পৰাও দেখা গৈছে বিৰাট কোহলীক। অ’ভেল টেষ্টত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে লাভ কৰা ঐতিহাসিক জয়ৰ ৰাগি লাগি থকাৰ সমান্তৰালকৈ কোহলীকেন্দ্ৰিক বিতৰ্কও অব্যাহত আছে। অ’ভেল টেষ্টত ইংলেণ্ডক ধৰাশায়ী কৰি উৎফুল্লিত হৈ পৰিছিল বিৰাট কোহলী। আনকি ইংলেণ্ডৰ সমৰ্থকসকলক উদ্দেশ্যি্ ব্যংগও কৰিছিল কোহলীয়ে।





    তাকে কেন্দ্ৰ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কজন। ইংলেণ্ডৰ ক্ৰিকেট মহলতো ভাৰতীয় অধিনায়কজনক ব্যাপকভাৱে সমালোচনা কৰা হৈছে। উল্লেখ্য যে, খেলপথাৰত নিয়মীয়া ব্যৱধানত ইংলেণ্ডৰ এটাৰ পাছত এটাকৈ উইকেটৰ পতন হোৱাৰ আনন্দত আত্মহাৰা কোহলীক বাৰে বাৰে বাঁহী বজোৱা ভংগীৰে উল্লসিত হোৱা দেখা গৈছিল। দৰাচলতে, এই ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰে বাৰ্মিজ আৰ্মীয়ে। বাৰ্মিজ আৰ্মীয়ে ক্ৰিকেট খেলপথাৰত ইংলেণ্ডৰ প্ৰতিপক্ষ দলক এই ভংগীৰে ট্ৰ'ল কৰে। কোহলীয়েও একে ভংগীৰে ইংলেণ্ড সমৰ্থকক ট্ৰ’ল কৰিছিল অ’ভেল টেষ্টত। আনকি কোহলীয়ে ইংলেণ্ডৰ ক্ৰিকেট অনুৰাগীসকলৰ বাৰ্মিজ আৰ্মীৰ গোটটোক ট্ৰ'ল কৰাৰো মোক্ষম সুযোগ এৰি দিয়া নাছিল। তাকো ইংলেণ্ডৰ খেলপথাৰত। বহুতে কোহলীৰ ঘটনাটোক পোনপটীয়াকৈ 'ক্লাছলেছ' বুলি অভিহিত কৰিছে।





    ইংলেণ্ডৰ আগশাৰীৰ বাতৰি কাকত ডেইলী মেইলৰ সাংবাদিক লৰেন্স বুথে ব্যংগাত্মকভাৱে লিখিছে যে, ‘ভাল কথা যে, সতীৰ্থসকলে একেলগে উইকেটৰ পতন উদযাপন কৰি আছে। আৰু কোহলীয়ে একে সময়তে ইংলেণ্ডৰ অনুৰাগীসকলক উপহাস কৰিছে। সঁচাকৈ কব’লৈ গ’লে এইটো মোৰ মুঠেই পছন্দ হোৱা নাই। এয়া আচৰিত যেন লাগিছে যে, এটা শীৰ্ষ পৰ্যায়ৰ দলে তেওঁলোকৰ প্ৰতিদ্বন্দ্বীক শোচনীয়ভাৱে পৰাভূত কৰাৰ পাছতো সন্তুষ্ট হ’ব পৰা নাই। দলৰ সমৰ্থকসকলকো লক্ষ্য কৰি আছে।’ অৱশ্যে এই বিতৰ্কৰ প্ৰসংগত কোনো মন্তব্য কৰা নাই তাৰকা ক্ৰিকেটাৰগৰাকী।