• ‘ভাষাবিদ্বেষী’ দত্ত ৰয় কাৰাগাৰত, বৰাকত পুনৰ লগোৱা হ’ল অসমীয়া ভাষাৰ বেনাৰ

    আঞ্চলিক
    ‘ভাষাবিদ্বেষী’ দত্ত ৰয় কাৰাগাৰত, বৰাকত পুনৰ লগোৱা হ’ল অসমীয়া ভাষাৰ বেনাৰ

    শিলচৰ : বৰাকত অসমীয়া ভাষাকেন্দ্ৰিক বিবাদে যোৱা কেইবাদিনো ধৰি সৃষ্টি কৰি আহিছিল বিতৰ্কৰ৷ অসমীয়া ভাষাত লগোৱা বেনাৰ-পোষ্টাৰ ফালি সেই স্থানত বাংলা ভাষাৰ পোষ্টাৰ লগাবলৈ দাবী জনাইছিল একাংশই৷ বৰাকত অসমীয়া ভাষাবিদ্বেষৰ এই ঘটনাই ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে প্ৰতিবাদো কৰিছিল বিভিন্নজনে৷ শেহতীয়াকৈ এই পৰিস্থিতি কিছু সলনি হোৱা দেখা গৈছে। ভাষাকেন্দ্ৰিক বিবাদৰ ইয়াৰ পাছতে শিলচৰ মেহেৰপুৰ পেট্ৰ’ল পাম্পত অসমীয়া আৰু বাংলা ভাষাত বেনাৰ লগোৱা দেখা গ'ল।






    অসমত অসমীয়া ভাষাৰ পোষ্টাৰ লগোৱাত বাধা দিয়াৰ লগতে বিতৰ্কিত মন্তব্যৰে বিদ্বেষপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰা বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ সকীয়নিৰ পাছত পেট্ৰ'ল পাম্পত থকা অসমীয়া ভাষাৰ পোষ্টাৰ আঁতৰাই দিয়া হৈছিল আৰু ইয়াৰ পাছতে মঙলবাৰে পেট্ৰ’ল পাম্পটোত লগোৱা হ’ল নতুন পোষ্টাৰখন। বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰ হোৱাৰ পাছতে বাংলা আৰু অসমীয়া দুয়োটা ভাষাৰে পোষ্টাৰ লগোৱা হ’ল পেট্ৰ’ল পাম্পটোত৷





    উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত ক’ভিড ভেকচিনৰ বাৰ্তা সম্পৰ্কীয় অসমীয়া ভাষাৰ হ’ৰ্ডিং আঁতৰাবলৈ ৪৮ ঘন্টাৰ চূড়ান্ত সময়সীমা বান্ধি দিছিল BDF নেতা প্ৰদীপ দত্ত ৰয়ে। ইফালে আজি তৃতীয়বাৰৰ বাবে কাৰাবন্দী দত্ত ৰয়ৰ জামিন নাকচ কৰে আদালতে৷ আদালতত দত্ত ৰয়ৰ অধিবক্তাই জামিনৰ বাবে আৱেদন কৰিছিল৷ ইফালে প্ৰদীপ দত্ত ৰয়ৰ মুক্তিৰ দাবীত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে বৰাকৰ ৩৪টাকৈ সংগঠনে৷