International
গুৱাহাটী : ‘‘মই নাথাকিলেও সাজৰ তৰাই মোৰেই কথাকে ক’ব…”- অসমীয়া সংগীত জগতত ‘ৰাণা দা’ হিচাপে পৰিচিত মহান সুৰকাৰ তথা সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ আজি জন্মদিন৷ অসমীয়া সংগীতক এক বিশেষ ৰূপ প্ৰদান কৰা জয়ন্ত হাজৰিকা সৰুৰে পৰা নিজ প্ৰতিভা আৰু সাধনাৰে জিলিকি উঠিছিল৷ ১৯৪৩ চনৰ আজিৰ দিনটোতে জন্মলাভ কৰা জয়ন্ত হাজৰিকাই সৰুকালতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে শিল্পীৰো সান্নিধ্য লাভ কৰিছিল৷
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা তথা সমৰ হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাক এটা সংগীতময় পৰিৱেশত ডাঙৰ হৈছিল। সৰুৰে পৰাই মাউথ অৰগেন বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা জয়ন্ত হাজৰিকাই ভূপেন হাজৰিকাৰ ‘সাগৰ সংগমত…’ গীতটোত মাত্ৰ ন বছৰ বয়সতে গীটাৰ বজাইছিল ৷ তেওঁ গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেবাটাও বাদ্যযন্ত্ৰ বজাব পাৰিছিল ৷
১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা ‘আগলি বতাহে কঁপালে কলৰে পাত…’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া…’ গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হোৱাৰ পাছৰে পৰা জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীতৰ জগতত ভৰি দিয়ে ৷ অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ ‘জেতুকা পাতেৰে দুহাত বোলালি…’শীৰ্ষক গীতটো ৷
'নতুন আশা' কথাছবিৰ আৱহ সংগীতৰ বাবে ১৯৭৭ চনৰ ১২ অক্টোৱৰত জয়ন্ত হাজৰিকা গৈছিল কলকাতালৈ ৷ কিন্তু তাতে হঠাতে অসুস্থ হৈ ১৫ অক্টোৱৰৰ নিশা কলকতাৰ পি জি হাস্পতালত জয়ন্ত হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে ৷
Leave A Comment