• ‘মানুহ আমদানিৰে ন-ন সমষ্টি দখলৰ চক্ৰান্ত চলিছে’, ধলপুৰৰ বেদখল সন্দৰ্ভত সৰব মুখ্যমন্ত্ৰী

    আঞ্চলিক

    ডিজিটেল ডেস্ক : ‘মানুহ আমদানিৰে ন-ন সমষ্টি দখলৰ চক্ৰান্ত চলিছে’,- ধলপুৰৰ বেদখল সন্দৰ্ভত সৰব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, বৰছলা, গুপ্তেশ্বৰ মন্দিৰৰ দাঁতিৰ দখলকাৰীয়ো বাহিৰৰ পৰা অহা৷ মানুহ আমদানি কংগ্ৰেছৰ চক্ৰান্ত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আনহাতে, যেতিয়ালৈকে দায়িত্বত আছো অসমৰ হকে কাম কৰি যাম বুলিও আশ্বাস দিয়ে হিমন্তই৷

    উল্লেখ্য যে, ধলপুৰৰ ঘটনাক লৈ বিৰোধীয়ে শাসকগোষ্ঠিক তীব্ৰ সমালোচনা কৰি আহিছিল৷ আনকি শুকুৰবাৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই উচ্ছেদৰ বিৰোধিতাৰে মঙলদৈত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ লগতে বুকুপাতি আৰক্ষীক গুলীয়াবলৈও আহ্বান জনাইছিল বৰাই৷ বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল অসম প্ৰদেশ কংগ্ৰেছে৷

    আজি দীনদয়াল উপাধ্যায়ৰ জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান৷ এই অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিজেপি নেতা৷

    Weather Forecast