Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
ডিজিটেল ডেস্ক : মাজুলী নাও দুৰ্ঘটনাৰ কুৰিটা দিন হ’বৰ হ’ল। এই শোকাৱহ দুৰ্ঘটনাৰ অসহনীয় স্মৃতিৰ ওপৰত এতিয়া লাহে লাহে পাহৰণিৰ পলস পৰিবলৈ আৰম্ভ কৰিছে। সংবাদ শিৰোনামৰ পৰা এই ঘটনা ইতিমধ্যেই অপসাৰিত হৈছে। কিন্তু এই দুৰ্ঘটনাই যি অপূৰণীয় ক্ষতি সৃষ্টি কৰিছিল তাক সময়ৰ এই স্মৃতিনাশকে নোহোৱা কৰিব নোৱাৰে। তিনিটাকৈ প্ৰাণময় আৰু সম্ভাৱনাৰে ভৰপূৰ জীৱন এই দুৰ্ঘটনাই কাঢ়ি নিছে। তাৰ ভিতৰত অন্যতম আছিল ডাঃ বিক্ৰমজিৎ বৰুৱাৰ জীৱন। সাতোটাতকৈও অধিক দিন সন্ধানহীন হৈ থকাৰ পাছত লুইতৰ এলাগী চাপৰি এটাত উদ্ধাৰ হৈছিল ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। কাৰুণ্যৰ এক শীতল প্ৰবাহে যেন সকলোকে স্তব্ধ কৰি তুলিছিল এই খবৰ প্ৰচাৰৰ লগে লগে। বাকৰুদ্ধ হৈ পৰিছিল ডাঃ বিক্ৰমজিতৰ অজস্ৰ অনুৰাগী, সুহৃদ, শুভাকাংক্ষী। সেই আৱেগ আৰু কৰুণতাৰ বন্যা আন সকলোৰে বাবে এতিয়া স্তিমিত হ’লেও তেওঁৰ পৰিয়ালৰ লোকৰ বাবে একেই আছে শোকৰ ভাৰখন।
বিক্ৰমজিৰ কণমানি পুত্ৰই মাজৰাতি সাৰ পাই উঠি উচপ খাই উঠি বিচাৰিছে তেওঁৰ পিতৃক। ‘মা, দেউতা কেতিয়া আহিব বুলি আব্দাৰ বাৰে বাৰে আব্দাৰ কৰে অবোধ শিশুটোৱে।’ এই কৰুণ প্ৰশ্নই শেলৰ দৰে বিন্ধি আহিছে বিক্ৰমজিতৰ পত্নীক। তেওঁৰ শোক আৰু শূন্যতাৰ ভাৰখন কৰি আহিছে অধিক গধুৰ। তেওঁ নিজমুখে ক’বলগীয়া হৈছে তেওঁৰ মৰ্মন্তুদ এই অভিজ্ঞতাৰ কথা। কিন্তু সেই ভাৰ পাতল কৰাৰ বাবেও নাই কোনো পথ। নাও দুৰ্ঘটনাৰ বাবে জগৰীয়া বুলি চিহ্নত হোৱা যিকেইজন লোক গ্ৰেপ্তাৰ হৈছিল তেওঁলোকো এতিয়া জামিনত মুকলি হৈছে। আনহাতে, প্ৰকৃত অপৰাধীক নধৰাকৈয়ে তদন্ত সামৰা বুলিও অভিযোগ কৰা হৈছে। ডাঃ বিক্ৰমিজত বৰুৱাৰ চিকিৎসক পত্নীয়ে স্বামীৰ আদ্যশ্ৰাদ্ধৰ দিনা ন্যায়ৰ বাবে আন এখন যুঁজৰ পাতনি মেলাৰ কথা ক’বলগীয়া হৈছে। এয়া কম দুৰ্ভাগ্যজনকনে?
এই নিৰাশা, শোকময়তাৰ মাজতো ডাঃ বিক্ৰমজিতৰ এটা সপোন পূৰণ কৰি শ্ৰদ্ধাঞ্জলি যাঁচিছে তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকে। বিক্ৰমজিতে গীত গাব ভালকৈ নাজানিছিল। কিন্তু তেওঁৰ আছিল এটা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল উদাৰ মন। তেওঁৰ আছিল মানুহক সেৱা কৰাৰ আন্তৰিক টান। এনে সংস্কৃতি প্ৰেম আৰু মানৱ প্ৰেমেই তেওঁক এটা গীত গাবলৈ অনুপ্ৰাণিত কৰিছিল। কৰ’না যুঁজৰ অগ্ৰণী সৈনিক হিচাপে তেওঁ লাভ কৰা অভিজ্ঞতাক আধাৰ হিচাপে লৈ এই গীত লিখি তেওঁ বাণীবদ্ধও কৰিছিল। যোৰহাটৰ কেইজনমান সংস্কৃতিবান বন্ধুৰ সৈতে লগ হৈ তেওঁ ‘প্ৰজেক্ট ডক্টৰ’ৰ কাম আৰম্ভ কৰিছিল। মাজুলীত তেওঁ কিদৰে ক’ভিড যুঁজত অংশ লৈছিল, তাৰেই পটভূমিত ৰচনা কৰা হৈছিল এই গীত।
ক’ভিড দমনৰ নামত চিকিৎসকে যিখন যুঁজ চলাই থাকিবলগীয়া হৈছিল তাক তুলি ধৰিছিল এই গীতত। শিৱসাগৰৰ অ’জন ষ্টুডিঅ’ত অ’জন বেণ্ডৰ সহযোগত নিৰ্মাণ হৈছিল এই গীত। কিন্তু তেওঁৰ এই সপোন পূৰণ নহ’ল। গীতটো মুকলি হোৱাৰ আগেয়েই আঁতৰি গ’ল ডাঃ বিক্ৰমজিৎ বৰুৱা। ক’ভিড যুঁজৰ সকলো সেনানীৰ বাবে উৎসৰ্গিত এই গীতত তেওঁ গাইছিল, ‘ৰাতিপুৱা শুই উঠি/ মুখত কিবা এটা গুঁজি/ হাতত ষ্টেথিস্ক’পডাল তুলি/ মাজুলীলে বাট বুলি…।’ তেওঁৰ এই সপোনাৰ পৰিকল্পনাটো আছিল মাজুলীৰে কথা, মাজুলীৰে অভিজ্ঞতা। তেওঁৰ এই ইচ্ছা জীৱনকালত পূৰণ নহ’লেও তেওঁৰ বন্ধুবৰ্গই তেওঁৰ এই স্বপ্ন পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে। আদ্যশ্ৰাদ্ধৰ দিনাই উন্মোচন হ’ল বিক্ৰমজিতৰ গানৰ এলবাম। তেওঁৰ আধৰুৱা সপোন পূৰণ কৰি তেওঁক প্ৰকৃত শ্ৰদ্ধাঞ্জলি যঁচা হ’ল। কিন্তু তেওঁৰ অভাৱ পিছে এনে প্ৰয়াসেও পূৰণ কৰাটো সম্ভৱ নহয়। তেওঁৰ অপাৰ সম্ভাৱনা লুইতৰ কাল ঢৌত উটি গ’ল। আৰু এক অসহনীয় শোক আৰু স্মৃতিৰ বোজা তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীৰ বাবে তেওঁ দি থৈ গ’ল।
Leave A Comment