Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ডিজিটেল ডেস্ক : শিশুৰ গাখীৰ খোৱা দাঁত সৰি নতুন দাঁত গজাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। সকলোৱে শৈশৱত এই অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছে। নানা বিশ্বাস-অন্ধবিশ্বাস, সংশয়-উত্তেজনাৰে পাৰ হয় সেই দিন। পিছে এইবাৰ দুটি শিশুৰ দাঁত সৰাৰ কাহিনীয়ে এইবাৰ চৰ্চা লাভ কৰিছে দেশজুৰি। অসমৰে শিশু দুটিয়ে নিজৰ সৰা দাত নগজাৰ অভিযোগ দিছেগৈ স্বয়ং প্ৰধানমন্ত্ৰীক। তাৰ পাছতে চলিছে সৰস চৰ্চা।
‘মৰমৰ মোদীজী, মোৰ তিনিটা দাঁত গজা নাই। মোদীজী আপুনি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। মোৰ দাঁতকেইটা নগজা কাৰণে মোৰ প্ৰিয় খাদ্য খোৱাত বহুত অসুবিধা হৈছে।’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিভিন্ন লোকে বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰি পত্ৰ প্ৰেৰণ কৰি আহিছে। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণো কৰি আহিছে। পিছে এইবাৰ এটি শিশুৱে মোদীলৈ তেওঁৰ এক ব্যতিক্ৰমী সমস্যাৰ বিষয়ে প্ৰকাশ কৰি লিখিছে পত্ৰ। এই পত্ৰক লৈ এতিয়া ছ’চিয়েল মিডিয়াত সৰস চৰ্চা চলাৰ লগতে এই বিষয়টোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান লাভ কৰিছে।
পাঁচ বছৰীয়া আৰিয়ান ইছলাম নামৰ শিশুটিয়ে তেওঁ তিনিটা দাঁত সৰাৰ পাছত পুনৰ নগজাৰ অভিযোগেৰে পত্ৰ লিখিছে প্ৰধানমন্ত্ৰী মোদীলৈ। আৰিয়ানে দাঁত তিনিটা নগজা বাবে তেওঁ প্ৰিয় খাদ্য খোৱাত অসুবিধা পাইছে আৰু সেয়া দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মোদীক অনুৰোধ জনাইছে। অনুৰূপ এখন পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ লিখিছে ৰায়ছা ৰাজা আহমেদ নামৰ ছবছৰীয়া শিশুটিয়ে। ৰাজাৰ পাঁচটা দাঁত নগজাত তেওঁৰো প্ৰিয় খাদ্য খোৱাত হৈছে অনেক সমস্যা। সেইবাবে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজাই আহ্বান জনাইছে।
২৫ ছেপ্টেম্বৰত শিশু দুটিৰ চিঠি দুখন টুইটাৰত পোষ্ট কৰে তেওঁলোকৰ আৰিয়ানৰ মামাক তথা ৰাজাৰ খুৰাক মুখতাৰ আহমেদে। তেওঁ প্ৰকাশ কৰিছে যে, শিশু দুটিয়ে নিজেই এই পত্ৰ লিখিছে। তেওঁ শিশুদুটিৰ সমস্যা সমাধান কৰি তেওঁলোকৰ প্ৰিয় খাদ্য খোৱাৰ সুবিধা কৰাৰ বাবে ৰসিকতাৰে আহ্বানো জনাইছে। এই পত্ৰখনে টুইটাৰত বিশেষ চৰ্চা লাভ কৰিছে। বিভিন্নজনে শিশু দুটিৰ সাহসী আৰু ‘স্মাৰ্ট’ কাৰ্যক প্ৰশংসা কৰিছে।
Leave A Comment