• ‘মোৰ মনত ভিন পৰ নাই অ’ আল্লা’… ৰাজ্যজুৰি পালন পৱিত্ৰ ঈদ-উজ-জোহা

    আঞ্চলিক
    ‘মোৰ মনত ভিন পৰ নাই অ’ আল্লা’…  ৰাজ্যজুৰি পালন পৱিত্ৰ ঈদ-উজ-জোহা

    গুৱাহাটী : 'মোৰ মনত ভিন পৰ নাই অ’ আল্লা, মোৰ মনত ভিন পৰ নাই।’ আজি পৱিত্ৰ ঈদ-উজ-জোহা৷ দেশৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্তৰ ইছলামধৰ্মী লোকসকলে পালন কৰিছে পৱিত্ৰ ঈদ-উল-জোহা৷ কৰ’নাকালীন পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰে এইবাৰ নাই ঈদৰ উচাহ৷ ক’ভিড নীতি নিৰ্দেশনা মানি আজি মছজিদত ৫জন লোকে নামাজ পঢ়ি পালন কৰে ঈদৰ পৰম্পৰা৷ বিগত বৰ্ষৰ দৰে এইবাৰো ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুৱা মজজিদত সমজুৱা নামাজৰ পৰিৱৰ্তে পৰিয়ালসমূহে ঘৰে ঘৰে পঢ়ে নামাজ৷





    মহামাৰীৰ মাজতো শুভদিনৰ কামনাৰে পৰস্পৰক শুভেচ্ছা জনায় ইছলামধৰ্মী লোকসকলে৷ বাকসা, শিৱসাগৰ, হাজো, নগাঁও, খাৰুপেটিয়া, গোৰেশ্বৰ, ধমধমা, গহপুৰ, শোণিতপুৰ, কলগছিয়া, কামপুৰ, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, তামুলপুৰ, মুকালমুৱাত উলাহ-মালহেৰে পালন ইদ-উজ-জোহা৷ পৱিত্ৰ ঈদৰ দিনাও পৰিয়ালৰ পৰা আঁতৰত থাকি ক'ভিডৰ সৈতে যুঁজিছে বহু ক'ৰনা আক্ৰান্ত ইছলামধৰ্মী লোকে। লাহৰীঘাটৰ বোৱালগুৰি ক'ভিড কেয়াৰ কেন্দ্ৰত ঈদৰ উপলক্ষে লোৱা হ'ল বিশেষ পদক্ষেপ। ঈদ উপলক্ষে ক'ভিড কেয়াৰ হাস্পতালখন পুৱাৰ ভাগতে সজাই তোলা হ'ল ৰং বিৰঙৰ বেলুনেৰে।পৱিত্ৰ ঈদৰ দিনাও পৰিয়ালৰ পৰা আঁতৰত থকা ইছলামধৰ্মী ৰোগীসকলক মানসিকভাৱে সবল কৰি ৰাখিবৰ বাবেই মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত এই অনন্য পদক্ষেপ গ্ৰহণ কৰা হ’ল৷