National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
মুম্বাইত : চেন্নাই ছুপাৰ কিংছৰ ‘যাদু’ৰ পৰাক্ৰমে পুনৰ ধৰাশায়ী কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক। যাদুকৰ ৰবীন্দ্ৰ জাদেজাই শেষৰ অভাৰটোত সংগ্ৰহ কৰা ৩৭ ৰানে একপ্ৰকাৰ থানবান কৰি পেলালে ৰয়েলৰ খেল জয়ৰ স্বপ্ন। অতি দুৰ্দান্ত এই প্ৰদৰ্শনৰ জৰিয়তে জাডেজাই ১০ বছৰ পুৰনি এটা ৰেকৰ্ডৰ সৈতে সমতা স্থাপনো কৰিলে। দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ১০বছৰ পূৰ্বৰ এটা অভিলেশ স্পৰ্শ কৰাৰ লগতে প্ৰশান্ত পৰমেশ্বৰনে বলিং কৰা এটা অভাৰৰ স্মৃতি পুনৰ সঞ্জীৱিত কৰিলে।
আৰু পঢ়িব পাৰিব : বিহু দলক আক্ৰমণ টোলগেটৰ সুৰাসক্ত কৰ্মচাৰীৰ
পৰমেশ্বৰনৰ ঠাইত এইবাৰ আছিল হৰ্ষল পেটেল। দহ বছৰ আগৰ পৰমেশ্বৰনৰ আৰু দহ বছৰ পাছৰ হৰ্ষল পেটেলৰ অভাৰ দুটাত ৩৭ৰান সংগ্ৰহ হ’ল। প্ৰথমে ক্ৰিছ গেইলৰ কৰিছিল এই ৰেকৰ্ড, এতিয়া যাক স্পৰ্শ কৰিলে জাদেজাই। আইপিএলত ১অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড আছিল ক্ৰিছ গেইল নামত। ২০১১চনৰ ৮ মে’ত বেংগালুৰুত কোচি টাস্কাৰ্ছ কেৰালাৰ বিৰুদ্ধে এই ৰেকৰ্ড গঢ়িছিল ক্ৰিছ গেইলে।
আৰু পঢ়িব পাৰিব : গভীৰ সংকটৰ সময়ত ভাৰতৰ কাষত ঠিয় হ’ল ‘বন্ধু’
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বেট ধৰি খেলখনৰ তৃতীয় তথা প্ৰশান্ত পৰমেশ্বৰনৰ প্ৰথম অভাৰতে ৩৭ৰান সংগ্ৰহ কৰিছিল ক্ৰিছ গেইলে। ১টা নো বলত ৭ৰান সংগ্ৰহ কৰিছিল গেইলে। দেওবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে জাদেজায়ো হৰ্ষল পেটেলৰ ১অভাৰত ১টা নো বলত ৭ ৰানেৰে মুঠ সংগ্ৰহ কৰিছিল ৩৭ ৰান। মাত্ৰ ১ ৰানৰ বাবে এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহৰ ৰেকৰ্ড ভংগ কৰিব নোৱাৰিলে চেন্নাই ছুপাৰ কিংছৰ অলৰাউণ্ডাৰগৰাকীয়ে। ২০১২বৰ্ষত গ্লষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে ৩৭বলত শতক অৰ্জন কৰিছিল নিউজিলেণ্ডৰ স্কট ষ্টাইৰিছে। সেই খেলখনত ১৮তম অভাৰত, জেমছ ফুলাৰৰ বলত ষ্টাইৰিছে ৩৮ৰান সংগ্ৰহ কৰিছিল।
Leave A Comment