• ‘শ্ৰী চিল্ক’ৰ উদ্যোগত গুৱাহাটীৰ কঁহুৱা বনত মুকলি ‘গোলাবী’

    আঞ্চলিক
    ‘শ্ৰী চিল্ক’ৰ উদ্যোগত গুৱাহাটীৰ কঁহুৱা বনত মুকলি  ‘গোলাবী’

    গুৱাহাটীঃ অসমৰ চহকী পাট-মুগাক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ‘শ্ৰী চিল্ক’ৰ উদ্যোগত গুৱাহাটীৰ কঁহুৱা বনত মুকলি কৰা হৈছে ‘গোলাবী’।‘গোলাবী’ৰ জৰিয়তে অসমৰ পাট-মুগাৰ চাদৰ-মেখেলাক বিশ্বৰ বজাৰত চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হৈছে।

    ক’ভিডৰ বাবে ফেশ্বন শ্ব’ৰ বিপৰীতে মুকলি কৰা হৈছে ডিজিটেল ৰূপত। এই সমগ্ৰ পৰিকল্পনা ভাৱনা প্ৰিয়া কলিতাৰ। ডিজেটেল শ্ব’ৰ সঞ্চালনা কৰিছে ‘প্ৰাগ নিউজ’ৰ ভি পি ডা° অক্ষতা নাৰায়ণে।

    উল্লেখ্য যে, এই ডিজিটেল শ্ব’ত জড়িত কৰা হোৱা নাই কোনোধৰণৰ প্ৰফেশ্ব’নেল মডেলক। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলা-যুৱতীৰ দ্বাৰা উপস্থাপন কৰা হৈছে পাট-মুগাৰ লগতে ভিন্নৰূপী চাদৰ-মেখেলা।