• ‘সোণৰ অসম’ৰ চালকে মহটিয়ালে কণ্ডাক্টৰক

    আঞ্চলিক
    ‘সোণৰ অসম’ৰ চালকে মহটিয়ালে কণ্ডাক্টৰক

    মৰিগাঁও : নিজৰ বাছৰ চালকেই মহটিয়াই লৈ গ’ল কণ্ডাক্টৰক৷ আজি পুৱাতেই এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ বাছনাঘাটত৷ 'সোণৰ অসম' নামৰ বাছখনৰ দুৰ্ঘটনাত থিতাতে নিহত হয় কণ্ডাক্টৰজন৷ ইতিমধ্যে ভূৰাগাঁও আৰক্ষীয়ে জব্দ কৰিছে বাছখন।





    আৰু পঢ়িব পাৰিব : ঘন জংঘলৰ পৰা উদ্ধাৰ মিৰ্জাৰ অপহৃত ব্যৱসায়ী !





    জানিব পৰা মতে, ভূৰাগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা 'সোণৰ অসম' নামৰ বাছখনৰ কণ্ডাক্টৰ বিশ্বজিৎ নাথক নিজৰ গাড়ীখনে মহটিয়াই নিয়াত থিতাতে নিহত হয় যুৱকজন।





    আৰু পঢ়িব পাৰিব : বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতা, শেষ নিশালৈ চলিল বৈঠক





    মৰিগাঁৱৰ ভূৰাগাঁৱৰ পৰা গৈ থকা বাছখনে মৰিগাঁৱৰ বাছনাঘাটত যাত্ৰী উঠাই পুনৰ গাড়ীখনে যাত্ৰা আৰম্ভ কৰাৰ মুহূৰ্ততে বাছখনৰ আগত পৰি যায় কণ্ডাক্টৰ বিশ্বজিৎ নাথ৷ আৰু চালকজনে অলক্ষিতে বিশ্বজিতৰ গাৰ ওপৰেৰে লৈ যায় বাছখন। যাৰ ফলত থিতাতে নিহত হয় যুৱকজন৷ বৰ্তমান ভূৰাগাঁও আৰক্ষীয়ে জব্দ কৰিছে বাছখনৰ সৈতে চালকজনক।