ডিজিটেল ডেস্ক: উচ্ছেদিত হ’ল বহু চৰ্চাত থকা ঢলপুৰৰ কিছু অংশ৷ কিন্তু লোকসকলৰ ওপৰত গুলীবর্ষণৰ ঘটনাক তীব্ৰ নিন্দা কৰে ৰাইজৰ দল আৰু এআইইউডিএফে৷ আজি ছিপাঝাৰৰ ঢলপুৰ অঞ্চলত অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰিবলৈ যাওঁতে অসম আৰক্ষীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি চাৰিজনকৈ লোকক হত্যা কৰা ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে ৰাইজৰ দলে।
ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘এয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ চূড়ান্ত সাম্প্ৰদায়িক দৃষ্টিভংগী আৰু হিটলাৰী শাসনৰ কুফল৷’ দলটোৱে বিকল্প সংস্থাপন অবিহনে সকলোধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে আৰু অতিশীঘ্ৰে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷
আনহাতে, এই ঘটনাৰ সন্দৰ্ভত এআইইউডিএফেও তীব্ৰ ক্ষোভ উজাৰে৷ মুখ্যমন্ত্ৰীয়ে হিটলাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে দলটোৱে৷ এয়া সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আখ্যা দিয়ে৷ লগতে উচ্ছেদিত প্ৰতিটো পৰিয়ালক ৬ বিঘাকৈ খেতিমাটি আৰু ১ বিঘাকৈ ঘৰ বনাবলৈ মাটি দিবলৈ আহ্বান জনায় আমিনুল ইছলামে।
Leave A Comment