National
Rahul Gandhi remarked on Prime Minister Narendra Modi's surname in Kolar, Karnataka, in 2019...
উত্তৰ গুৱাহাটীঃ ‘কামৰূপ(গ্ৰাঃ) জিলাত ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। প্ৰতিষেধক গ্ৰহণ নকৰা ব্যক্তিসকল বঞ্চিত হ’ব চৰকাৰী সুবিধাৰ পৰা। কোনো সুস্থ ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰিলে ভৱিষ্যতে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব৷ নিৰ্বাচনী কাঠামোৰ আধাৰত তথ্য সংগ্ৰহেৰে জিলাখনৰ সকলো লোককে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ছেপ্টেম্বৰ মাহতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
কামৰূপ (গ্ৰাঃ) জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশ লৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনেদৰে মন্তব্য কৰে। সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, জিলা স্বাস্থ্য খণ্ডৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়াকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়াবৰ্গ আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিত থাকে।
জিলাখনৰ উপযুক্ত এশ শতাংশ লোককেই প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ এই অভিযান নিৰ্বাচনী কাঠামোৰ আধাৰত গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ প্ৰতিষেধক প্ৰদান কাৰ্য ভোটকেন্দ্ৰ পৰ্যায়লৈ আনকি প্ৰয়োজনত ঘৰে ঘৰে দিয়াৰো ব্যৱস্থা কৰিব লাগিব বুলি মতপ্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতিষেধকৰ কোনো নাটনি নহয় বুলিও উল্লেখ কৰি এই ব্যৱস্থা সম্পূৰ্ণ হোৱালৈকে বৰ্তমানৰ পদ্ধতিত প্ৰতিষেধক প্ৰদান কাৰ্য চলাই থাকিবলৈ তেওঁ আহ্বান জনায়৷
Leave A Comment