• 'আমাক স্মশান লাগিবই'- স্মশান নিৰ্মাণৰ নামত ৰামঠগন এখন গাঁৱৰ ৰাইজক

    আঞ্চলিক
    'আমাক স্মশান লাগিবই'- স্মশান নিৰ্মাণৰ নামত ৰামঠগন এখন গাঁৱৰ ৰাইজক

    আমগুৰি : স্মশান নিৰ্মাণৰ নামত ৰামঠগন এখন গাঁৱৰ ৰাইজক। তিনিবছৰে সম্পূৰ্ণ নহ'ল জাঁজী খাটোৱাল স্মশানস্থলী৷ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ অধীনস্থ জাঁজী খাটোৱাল গাঁওত ২০১৮-১৯ বৰ্ষত নিৰ্মাণ কৰিবলৈ আহিছিল 'জাঁজী খাটোৱাল স্মশানস্থলী'।





    প্ৰায় ১০ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ অহা স্মশানস্থলী যোৱা তিনি বছৰে সম্পূৰ্ণ নহ'ল। যাৰ বাবে জাঁজী খাটোৱাল গাঁৱৰ অৰ্দ্ধ-শতাধিক পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ অধীনস্থ উন্নয়ণমূলক আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।





    পঞ্চায়তখনৰ স্মশানস্থলীলৈ যোৱা পথটো নিৰ্মাণত হেমাহিৰ অভিযোগ আনিছে। স্থানীয় লোকসকলে ম'ৰাবজাৰ গাঁও পঞ্চায়তৰ দুৰ্নীতি নচলিব, আমাক স্মশান লাগিবই শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী লোকসকলে স্মশানস্থলী নিৰ্মাণত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ হস্তক্ষেপ কামনা কৰিছে।