• 'ক'ত গ'ল মা' - মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন

    আঞ্চলিক
    'ক'ত গ'ল মা' - মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন

    লঙিমপুৰ : মাতৃক বিচাৰি সন্তানৰ হিয়া ভঙা কান্দোন৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ১৬ দিনে নিৰুদ্দেশ হৈ আছে তিনি সন্তানৰ মাতৃ৷ ১৬ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ আছে নাৰায়ণপুৰৰ মধুপুৰৰ পিংকী বৰা নামৰ বোৱাৰীগৰাকী।





    অৰুণাচলৰ নাহৰলাগুনত দিন হাজিৰা কৰি পত্নী আৰু তিনিটি সন্তানক পোহপাল দি আছিল কৃষ্ণকান্ত বৰাই। এমাহ পূৰ্বে কৰ্মস্থলীৰ পৰা আহিছিল যদিও ১৩ আগষ্টত ঘটিল এই অঘটন। বিগত ১৩ আগষ্টত লখিমপুৰৰ ননদৰ ঘৰলৈ যাম বুলি গৈ আজিলৈকে ঘূৰি নাহিল বোৱাৰীগৰাকী ।





    স্বামী আৰু কণমানি তিনি সন্তানে এতিয়া মাকক বিচাৰি হাহাকাৰ কৰি ফুৰিছে। নাৰায়ণপুৰ থানাত এজাহাৰ দিয়াৰ পাছতো আজিলৈকে শুংসুত্ৰ নাই পিংকী বৰাৰ। তিনি সন্তান আৰু স্বামীক এৰি পৰপুৰুষৰ সৈতে পলাই যোৱাৰ সন্দেহ প্ৰকাশ স্বামীৰ। এই ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ।