• 'চৰকাৰে যিয়ে পদক্ষেপ নলওক কিয় আমি যাত্ৰা এনেদৰেই অব্যাহত ৰাখিম'

    আঞ্চলিক
    'চৰকাৰে যিয়ে পদক্ষেপ নলওক কিয় আমি যাত্ৰা এনেদৰেই অব্যাহত ৰাখিম'

    লখিমপুৰ : মাজুলীৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পাছতো গা ল'ৰা নাই জলপৰিবহণ বিভাগৰ৷ নিমাতীৰ দুৰ্ঘটনাই স্তব্ধ কৰিছিল সমগ্ৰ ৰাজ্য৷ সকলোকে কন্দোৱাই ৩জনকৈ লোকৰ কাঢ়ি নিছিল প্ৰাণ৷ হাজাৰজনে অনুভৱ কৰিছিল সেই ভয়ংকৰ দুৰ্ঘটনাটো৷ চকুৰ আগতেই থানবান হৈ গৈছিল ৩টা পৰিয়ালৰ সপোন৷ কিন্তু তাৰপাছতো যেন গা ল'ৰা নাই জল পৰিবহণ বিভাগী৷ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৫খন নতুন অত্যাধুনিক ফেৰীও ঘোষণা কৰিছিল৷ কিন্তু চৰকাৰৰ পদক্ষেপ যিযে নহওক বিভাগে চকু নিদিলে সকলো চেষ্টা অথলে যাৱ৷ সেয়াই পৰিলক্ষিত হৈছে লখিমপুৰত৷

    বৰলুইতৰ বুকুত নাৱত যাত্ৰা কৰা শিহৰণকাৰী দৃশ্য

    ব্ৰহ্মপুত্ৰ নদীত যন্ত্র চালিত নাওঁত ভয়ংকৰ যাত্রা কৰে যাত্ৰীসকলে ৷ লক্ষীপুৰৰ চুনাৰী পাৰ ঘাটত পাণ জপা দি ভুট ভুটি নাঁৱৰে বছৰ বছৰ ধৰি ফেৰী যাত্ৰা কৰি আহিছে স্থানীয় ৰাইজ। ব্ৰহ্মপুত্ৰৰ গভীৰ জলৰাশিত ভুট ভুটিৰে যোগাযোগৰ ক্ষেত্ৰত শংকিত যাত্ৰী। যাত্ৰীক কঢ়িয়াই নিয়া নাওঁসমূহে যেন কৈ গৈছে, 'চৰকাৰে যিয়ে পদক্ষেপ নলওক কিয় আমি যাত্ৰা এনেদৰেই অব্যাহত ৰাখিম৷' নাওঁসমূহত উপলব্ধ নহয় লাইফ জেকেট। নাই এয়াৰ ৰিং । ফলত স্থানীয় ৰাইজৰ আশংকা আকৌ মেদেৰটাৰী, নিমাতী ঘাটৰ পুনৰাবৃত্তি হ'ব নেকি চুনাৰীত?

    বৰলুইতৰ বুকুত নাৱত যাত্ৰা কৰা শিহৰণকাৰী দৃশ্য

    যি সময়ত নদীপথত চলাচল কৰা ভুট ভুটি নতুবা ফেৰীৰ ক্ষেত্ৰত নিৰাপত্তাৰ দিশটোত গুৰুত্ব দিছে চৰকাৰে। তেনে সময়তে এনেদৰে নিৰাপত্তাৰ প্ৰতি গুৰুত্ব নিদি যাত্রী কঢ়িয়াই লৈ ফুৰিছে নাঁৱৰ মালিকে। এই ক্ষেত্ৰত কোনো নিয়ন্ত্রণ নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। যাৰ ফলত খৰ্গহস্ত হৈ পৰিছে স্থানীয় ৰাইজ।