• 'ঠিকা লাভ কৰাৰ আশাত কাম কৰিবলৈ অহাসকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয়' ৰণোজ পেগু

    আঞ্চলিক
    'ঠিকা লাভ কৰাৰ আশাত কাম কৰিবলৈ অহাসকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয়' ৰণোজ পেগু

    শিৱসাগৰ : 'ঠিকা লাভ কৰাৰ আশাত বিজেপি দলৰ হৈ কাম কৰিবলৈ অহা সকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয় ৷ চাকৰি-ঠিকা লাভৰ লক্ষ্যৰে দল কৰিলে অসন্তুষ্টি আহিবই' দলীয় সতীৰ্থক উদ্দেশ্য কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে ৷ শুকুৰবাৰে বিজেপিৰ শিৱসাগৰ জিলা সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে যুৱ নেতা ময়ূৰ বৰগোঁহাইয়ে৷ সুৰ‌ভী ৰাজকুঁৱৰীৰ পৰা দায়িত্ব গ্ৰহণ কৰে ময়ূৰ বৰগোঁহাইয়ে৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে দলৰ সতীৰ্থসকলক কিছু গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ প্ৰদান কৰা ভাষণত কয়, 'চাকৰি, ঠিকা লাভ কৰাৰ আশাত বিজেপি দলৰ হৈ কাম কৰিবলৈ অহা সকল দলৰ প্ৰকৃত পূৰ্ণকালীন সেৱক নহয়৷ চাকৰি বা ঠিকা এটাক লক্ষ্য কৰি দল কৰিলে অসন্তুষ্টি আহিবই । জনগণৰ সেৱা কৰাত অধিক গুৰুত্ব দিয়ক । স্বাৱলম্বী হোৱাৰ বাবে বহু চৰকাৰী আঁচনি আছে । কিন্তু বিজেপি কৰ্মীয়ে আঁচনি সমূহৰ বিষয়ে নাজানেই৷'





    অহা চাৰে চাৰি বছৰত ৰাজ্যত ১০ হেজাৰ পুখুৰী মাছ উৎপাদনৰ বাবে খন্দুৱাবলৈ চৰকাৰে আঁচনি গ্ৰহণ কৰা বুলিও সদৰি কৰে তেওঁ। ইপিনে অহা উপ নিৰ্বাচন, পৌৰসভা, পঞ্চায়ত নিৰ্বাচন, ২০২৪ ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনত যাতে বিজেপিয়ে সৰ্বাধিক ভোট লাভ তথা আসন দখল কৰিব পাৰে এতিয়াৰে পৰা কাম কাজ হাতত ল'ব বুলি উল্লেখ কৰে ডা: ৰণোজ পেগুৱে।





    আনহাতে ধুবুৰী-গোৱালপাৰাকে ধৰি ছয় জিলাত টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াক কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰো উত্তৰ দিয়ে শিক্ষামন্ত্ৰী পেগুৱে । টেট পৰীক্ষাত সংখ্যাগুৰু-সংখ্যালঘুৰ প্ৰশ্ন নাহে বুলিও কয় মন্ত্ৰী গৰাকীয়ে । পৰ্যায়ক্ৰমে সকলো শিক্ষানুষ্ঠানৰ পাঠদান আৰম্ভ হ'ব বুলি কৈ মন্ত্ৰী জনে শিক্ষানুস্থান সমূহ সাজু হৈ থাকিবলৈ আহ্বান জনাই ।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor