নগাঁও : মাৰাত্মক বৰবিহৰ বাবেই কোনোৱে হেৰুৱালে সন্তানক আৰু কোনোৱে হেৰুৱালে নিজৰ চাকৰি৷ আজি নগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত অকপট স্বীকাৰোক্তি ড্ৰাগছ আসক্তৰ৷ ড্ৰাগছ ব্যৱসায়ীক গুলীয়াই মাৰিবলৈ অনুৰোধ পুত্ৰহাৰা পিতৃৰ৷ 'ড্ৰাগছ ব্যৱসায়ীক জেললৈ নপঠিয়াব। ড্ৰাগছ ব্যৱসায়ীক গুলীয়াই মাৰক।'- এই অনুৰোধ বৰবিহ ড্ৰাগছৰ বাবেই নিজৰ দুই পুত্ৰক হেৰুওৱা নগাঁৱৰ বাবুল আহমেদৰ। আজি নগাঁৱৰ বঢ়মপুৰৰ ৰঙাজান পথাৰত অনুষ্ঠিত ড্ৰাগছ দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বাবুল আহমেদে এই অনুৰোধ জনায়। ইপিনে, ড্ৰাগছ আসক্ত যুৱক বেদান্ত বৰায়ো ড্ৰাগছৰ বাবে নিজৰ জীৱন ধ্বংস হোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীৰ ওচৰত আৱেগিক হৈ পৰে।
ইপিনে, প্ৰায় ৩৬ কোটি টকাৰ ড্ৰাগছ নষ্ট কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, অপৰাধীৰ পক্ষ লোৱা বিৰোধী দলৰ বিধায়ককেইজনে এইজন পিতৃৰ মৰ্মবেদনা উপলব্ধি কৰি এই যুঁজত আমাক সমৰ্থন দিয়ক। ইপিনে ড্ৰাগছ বিৰোধী অভিযানত মণিপুৰ আৰু নাগালেণ্ডে অসমক সহায় কৰাৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, অহা ২৪ জুলাইত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ সময়ত এই প্ৰসংগই স্থান পাব।
Leave A Comment