National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটী : ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান৷ যোৱা কেইমাহমান ধৰি ৰাজ্যত জব্দ কৰা হৈছে ১৬০ কোটি টকাৰ অধিক দামৰ নিচাজাতীয় সামগ্ৰী৷ এই জব্দ কৰা ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। গোলাঘাট-ডিফুৰ পাছত আজি বঢ়মপুৰত দাহ কৰা হয় ড্ৰাগছ৷ উল্লেখ্য যে, নগাঁও জিলাত কৰায়ত্ত হৈছিল বহুকেইটা ড্ৰাগছ মাফিয়া৷
৪,৯৭৫ কেজি হেৰ’ইন, ২৯২ কেজি গাঞ্জা, ২,৭১,১০৪টা টেবলেট, ৭৮,৩৪০টা কফ চিৰাপ জব্দ হৈছিল নগাঁৱত৷ নৱম আৰক্ষী বাহিনীৰ ছাউনীৰ সমীপৰ এটি স্থানত আজি জ্বলাই দিয়া হয় এই মাৰাত্মক ড্ৰাগছ৷ জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ড্ৰাগছ ড্ৰাইভ ৰাজহুৱাভাৱে জ্বলোৱাৰ বাবে চাৰিটা স্থান বাছনি কৰা হৈছিল। শনিবাৰে ডিফু আৰু গোলাঘাটত জ্বলোৱা হৈছিল আৰু দেওবাৰে নগাঁও আৰু হোজাইত এই জব্দকৃত ড্ৰাগছ জ্বলাই দিয়া হয়।
গোলাঘাটত মুখ্যমন্ত্ৰী শৰ্মা নিজে এই কাৰ্যসূচীত উপস্থিত থাকে। তেওঁ কয়, 'আমাৰ আৰক্ষী বিভাগৰ সক্ৰিয় পদক্ষেপৰ জৰিয়তে আমি যোৱা দুমাহত ১৬৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অৱশ্যে, ই ৰাজ্যখনৰ নিচাজাতীয় সামগ্ৰীৰ বজাৰৰ মাত্ৰ ২০-৩০%হে। ইয়াৰ অৰ্থ হৈছে অসমত নিচাজাতীয় সামগ্ৰীৰ বৃহত বজাৰ আছে৷' ড০ শৰ্মাই লগতে কয় যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে৷
Leave A Comment