• 'বড়ো চুক্তিয়ে যদি কাৰোবাক সন্তুষ্ট কৰিব পৰা নাই, সেয়া বড়ো নেতৃত্বই চিন্তা কৰিব'- বিশ্বজিৎ দৈমাৰী

    আঞ্চলিক
    'বড়ো চুক্তিয়ে যদি কাৰোবাক সন্তুষ্ট কৰিব পৰা নাই, সেয়া বড়ো নেতৃত্বই চিন্তা কৰিব'- বিশ্বজিৎ দৈমাৰী

    ডিফু : বড়ো চুক্তিয়ে যদি কাৰোবাক সন্তুষ্ট কৰিব পৰা নাই, সেয়া বড়ো নেতৃত্বই চিন্তা কৰিব৷ বিটিআৰ চুক্তিৰ পাছত এনএলএফবি আৰু শেহতীয়াকৈ ইউএলবি নামৰ সশস্ত্ৰ সংগঠনৰ জন্ম সন্দৰ্ভত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ বিধানসভাৰ অধ্যক্ষ হোৱাৰ পাছত ৰাজনৈতিক ভূমিকা লোৱাত অসুবিধা হৈছে বুলিও বুলিও মন্তব্য কৰে তেওঁ৷





    লগতে বিটিচিৰ নেতৃত্ব সলনি নহয় বুলিও মন্তব্য কৰিলে দৈমাৰীয়ে৷ কালি নিশা ডিফুত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ উল্লেখ্য যে, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰে গ্ৰহন কৰা বিশেষ পদক্ষেপ সম্পৰ্কত জাতি-জনগোষ্ঠীসমূহৰ মনৰ কথা বুজ ল’বলৈ কালি কাৰ্বি আংলঙত উপস্থিত হৈছিল অধ্যক্ষগৰাকী৷





    দিনৰ ভাগত বোকাজানত আৰু নিশালৈ ডিফুত খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন আৰু ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে৷