জীৱন শৈলী
০৫/০২/২৫, বুধবাৰ
ডিজিটেল ডেস্কঃ বহুতেই কয় মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীৰ মহিমা অপাৰ!তেওঁ কৰিব নোৱাৰা কাম নাই।হ'বও পাৰে, ৰাইজে এনেয়ে ক'ব নে? কালিও তেওঁ কম কাম কৰিলেনে?প্ৰধানমন্ত্ৰী মোডীক পূৰ্বে সমালোচনা কৰাৰ পাপ শুদ্ধি কৰিবলৈ ৰূপজ্যোতিয়ে অন কেমেৰা নিজেই নিজৰ গালত দহটাকৈ চৰ শোধালে।সেই ভিডিঅ' এতিয়া ভাইৰেল।
কালিয়েই আকৌ ভাইৰেল হৈছে ৰূপজ্যোতি কুৰ্মীৰ এটা ফেচবুক পোষ্ট।
ভাওনাৰ সাজত নিজৰ ফোটো শ্বেয়াৰ কৰি তেওঁ লিখিছে- - 'ৰাইজৰ আশীষ শিৰত লৈ মৰিয়নীৰ দেবেৰাপাৰ চাৰিআলিত মেজিক-এ'পে সন্থাৰ উদ্যোগত আয়োজিত "দস্যু ৰত্নাকৰ মুক্তিলাভ" শীৰ্ষক এভাগী মহাপুৰুষীয়া ভাওনাত ঋষি গৰ্গমুনিৰ ভাওত অভিনয় কৰিবলৈ লৈছোঁ'।
ইয়াৰ পিছতেই ৰূপজ্যোতিৰ পোষ্টত কমেণ্টৰ বৰষুণ।কোনোৱে লিখিছে, দাদা আপুনি সদায়ে ভাল অভিনেতা!
আন এজনে আকৌ লিখিছে, বচন নিজ মুখেই মাতিবনে?
মানুহৰ কথাৰ ইংগিত কুৰ্মীয়ে বুজিলেনে নাই নাজানো, বুজন মানুহে কিন্তু বাৰুকৈয়ে বুজিলে।
যি নহওঁক, ৰাজনৈতিক কেৰিয়াৰত অভাৰ এক্টিঙ কৰাৰ অভিযোগ থকা এইগৰাকী প্ৰাক্তন কংগ্ৰেছী,সদ্য বিজেপী নেতাই ভাওনাত পাৰফেকশ্যন দেখুৱাব বুলি আৰু চৰিত্ৰৰ সৈতে ন্যায় কৰিব বুলিব সকলোৱে আশা কৰিছে।
Leave A Comment