ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত বহু দেশ প্ৰেমৰ বহু নিদৰ্শন আছে৷ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত অসমীয়াসকলো পিছ পৰি ৰোৱা নাছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কু-শাসনৰ বিৰুদ্ধে এক ঐতিহাসিক বিদ্ৰোহ আছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ। ১৩১ বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে৷
১৮৯৪ চনৰ ২৮ জানুৱাৰী, দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামৰ ঠাইত স্থানীয় কৃষকসকলে মাটিৰ খাজনা বৃদ্ধি কৰাৰ বিৰোধিতা কৰি এক ৰাইজমেল অনুষ্ঠিত কৰিছিল। ৰাইজমেলত ব্ৰিটিছে প্ৰতিবাদকাৰী কৃষকসকলৰ উপৰত কৰা নিৰ্বিকাৰ গুলীচালনাত থিতাতে ১৪০ জন কৃষক নিহত হোৱাৰ লগতে ১৫০জনৰো অধিক কৃষক আহত হৈছিল। এই ঘটনাকে পথৰুঘাটৰ কৃষক বিদ্ৰোহ বুলি জনা যায়।
শোষণ-বঞ্চনাৰ বিৰুদ্ধে স্ব-অধিকাৰৰ বাবে তথা দেশৰ বাবে যিসকলে কষকে নিজৰ জীৱন ত্যাগ কৰি গ’ল আজিও অসমীয়াই কৃষকসকলৰ এই বলিদানক শ্ৰদ্ধাৰে সুঁৱৰে। আৰু ২৮ জানুৱাৰী দিনটো শ্বহীদ কৃষকসকলৰ স্মৃতিত ২০১৭ চনৰ পৰা এই কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰি অহা হৈছে।
Leave A Comment