ডিজিটেল ডেস্ক : পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
অহা দুই আৰু সাত মে'ত দুটা পর্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন আছিল। শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম 'এক্স' হেণ্ডেলত প্রকাশ কৰা তথ্য মতে, পঞ্চায়ত নির্বাচনত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ জিলা পৰিষদৰ ৩৫গৰাকী মিত্ৰ দল অগপৰ দুগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।
তেনেদৰে আঞ্চলিক পঞ্চায়তত বিজেপিৰ ২৫৯গৰাকী, মিত্ৰ দল অগপৰ ২৯গৰাকী, এ আই ইউ ডি এফৰ এগৰাকী, নির্দলীয় ১৩গৰাকী আৰু কংগ্ৰেছৰ ৯গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। অর্থাৎ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ ৩৭গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩১১গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বৃহস্পতিবাৰে মনোনয়ন প্রত্যাহাৰৰ অন্তত কালি ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰা শেহতীয়া তথ্য অনুসৰি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত মুঠ ৬১৭২গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত নামিছে। কালিৰ দিনটোলৈকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৮৫গৰাকী প্রার্থীয়ে ননোনয়ন প্রত্যাহাৰ কৰে। উল্লেখযোগ্য যে ভয়-ভাবুকি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন প্রত্যাহৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ কংগ্ৰেছে উত্থাপন কৰিছে।
উল্লেখযোগ্য যে কেইখনমান জিলাত বৃহৎসংখ্যক জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যই মনোনয়ন প্রত্যাহাৰ কৰে। ৰাজ্যিক নির্বাচন আয়োগৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি কাছাৰ জিলাত ৩৬গৰাকী, কামৰূপত ৩৩গৰাকী, ধুবুৰীত আৰু নগাঁৱত ৩৭গৰাকীকৈ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনহাতে, চৰাইদেউত দুগৰাকী, যোৰহাট, কামৰূপ মহানগৰ, শিৱসাগৰ, তিনিচুকীয়া আৰু নলবাৰীত মাত্র ৪গৰাকীকৈ প্রার্থীয়েহে মনোনয়ন প্রত্যাহাৰ কৰে। ইফালে, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত বেছিসংখ্যক প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত নমা জিলাকেইখন ক্রমে ধুবুৰীত ৪৮৬, নগাঁৱত ৪২৭, বৰপেটাত ৩৫২, কাছাৰত ৪৪৫গৰাকী। ষষ্ঠ অনুসূচীভুক্ত জিলাসমূহক বাদ দি ৰাজ্যৰ ২৭খন জিলাত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব আৰু কালিৰ পৰা প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নির্বাচনত পুৰুষ ৯০,৭১,২৬৪জন, মহিলা ৮৯,৬৫,০১০, অন্যান্য ৪০৮গৰাকী মুঠ ১,৮০,৩৬,৬৮২গৰাকী ভোটাৰে ভোটদান কৰিব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment