ডিজিটেল ডেস্কঃ চলন্ত ৰে’লত যাত্ৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ কিন্নৰ। ৩১ ডিচেম্বৰত এগৰাকী যাত্ৰীক চলন্ত ৰে’লত আক্ৰমণ কৰিছিল কিন্নৰে।।
টকা নিদিয়াৰ বাবে এগৰাকী যাত্ৰীক চকুত প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল কিন্নৰৰ দলে। তাৰ পিছতেই তৎপৰ ৰে’ল আৰক্ষী।
নিউ বঙাইগাঁও জিআৰপিৰ জালত পৰিল যাত্ৰীক আক্ৰমণ কৰা কিন্নৰৰ দলটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪টাকৈ কিন্নৰ।
কিন্নৰ মেৰাজুল হক, সমীৰুল ইছলাম, আজিদুল ইছলাম আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে ৰে’ল আৰক্ষীয়ে।
জিআৰপিৰ তদন্ত অব্যাহত আছে।
Leave A Comment