ডিজিটেল ডেস্ক : শতাধিক আয়তীৰ মংগল উৰুলী আৰু বিয়া নামেৰে মুখৰিত হ'ল উলুতলী ৰাজহুৱা প্ৰেক্ষাগৃহ। এযোৰা নহয়, দুযোৰা নহয় ৫১ যোৰা দৰা কইনা ৷
উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জন কল্যাণ সংস্থান জয়পুৰ ( ৰাজস্থান) আৰু গোলাঘাট ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত,উলুতলী সমূহ গাওঁ বাসী ৰাইজৰ লগতে The green Village NGOৰ সহযোগত উলুতলী ৰাজহুৱা শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় সামূহিক বিবাহ সংস্কাৰ।
আপুনি, মই,আমি সৰ্বসাধাৰণতে দেখা বিবাহ সমূহতকৈ ব্যতিক্ৰম দেখা গ'ল এই সমূহীয়া বিবাহ অনুষ্ঠানটি। দুই শতাধিক লোকেৰে লোকাৰন্য হৈ পৰে এই অনুষ্ঠান। কিয়নো এই অনুষ্ঠানটিত হিন্দু ধৰ্মৰ কেইবাটাও জাতি জনগোষ্ঠীৰ সমাহাৰে অনুষ্ঠিত হয় বিবাহ অনুষ্ঠানৰ প্ৰথমটি কাৰ্যসূচী জোৰোণ।
সেয়েহে সামাজিক ভাৱে পলমকৈ হ'লেও বিবাহ সম্পন্ন বাবে অৰ্ধ শতাধিক দম্পতীয়ে এই অনুষ্ঠানত ভাগ লৈ সামাজিক ৰীতি নীতি পৰম্পৰাৰে জোৰোণ কাৰ্যসূচী সম্পন্ন হয়।জাউৰীয়ে জাউৰীয়ে বিয়ানামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সেই অঞ্চলৰ আকাশ বতাহ।
জোৰোণ কাৰ্যসূচী শেষ হোৱাৰ পাছত জ্যেষ্ঠ জনৰ আশীৰ্বাদ গ্ৰহন কৰে দৰা কইনাই। সমূহীয়াকৈ জ্যেষ্ঠ জনৰ তথা ভকত বৈষ্ণৱৰ সেৱা আগবঢ়ায় দৰা কইনালৈ।বিয়াখনৰ জোৰোণত প্ৰয়োজনীয় যাৱতীয় সকলো সামগ্ৰীৰে দৰা কইনালৈ উভয়ে প্ৰদান কৰে এই অনুষ্ঠানত।আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি সমাজত যি সকল ব্যক্তিয়ে আৰ্থিক অনাটনৰ বাবে সময়ত নিজৰ বিবাহখন সামাজিক ভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলে সেয়েহে এতিয়া সেইসকল লোকে নিজে সমাজক সাক্ষী কৰি সামাজিক ভাৱে আগবাঢ়ি নিজেই বিয়া খন সম্পন্ন কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহন কৰে।
Leave A Comment