ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। মৃত্যুৰ শীতল কোলাত কোন কেতিয়া শুই পৰে সেয়া কোনেও নাজানে। বৰপেটাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। নিজৰ ঘৰৰ ভিতৰত শুই থকা অৱস্থাত কৰুণ মৃত্যুক সাবটি ললে এগৰাকী ৬৫ বছৰীয়া ব্যক্তিয়ে। ঘৰৰ ওপৰত এজোপা প্ৰকাণ্ড গছ পৰি যোৱাত ব্যক্তিজনৰ কৰুণ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম গৌতম দাস বুলি জানিব পৰা গৈছে।
বৰপেটাৰ শংকৰদেৱ পথৰ নিৱাসী আছিল মৃত গৌতম দাস।
গৌতম দাসৰ আকস্মিক মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পত্নীৰ।
ইফালে, গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ পৰা পাঁচ দিনলৈ অসমত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। কেন্দ্ৰটোৱে বুধবাৰে সন্ধিয়া এক বিশেষ বতৰ বুলেটিন জাৰি কৰে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হব বুলি ভৱিষ্যদ্বাণী কৰিছে। আনহাতে কিছুমান ঠাইত অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিজুলী-ঢেৰেকণিৰো আশংকা আছে। সেয়েহে প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান।
Leave A Comment