• শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ; উদুলি-মুদুলি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ

    আঞ্চলিক
    শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ; উদুলি-মুদুলি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ
    ডিজিটেল ডেস্ক: চলি আছে যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন।

    আজি এই অধিৱেশনৰ তৃতীয় দিন।ভকত-বৈষ্ণৱৰ লানি নিছিগা সোঁতে শুভ্ৰ কৰি তুলিছে এৰালতলি পথাৰ।হৰিনামৰ ধ্বনিৰে মুখৰ যোৰহাটৰ আকাশ-বতাহ।দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ । অধিৱেশনৰ তৃতীয় দিনা মূল বেদীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা উত্তোলন কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ।

    আনহাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত হোৱা সমন্বয় ক্ষেত্ৰৰ পৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আৰম্ভ হয় এই বাৰেৰহণীয়া শোভাযাত্ৰা।এই শোভাযাত্ৰাই অধিৱেশনখনিক এক অনন্য মাত্ৰা প্ৰদান কৰে।এক কথাত ক'বলৈ গ'লে গুৰু বন্দনাৰে জীপাল হৈ পৰিছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।

    (উৎস- দৈনিক জনমভূমি)
    sv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam online