ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ এজন যুৱকে সুৰামত্ত হৈ সৃষ্টি কৰিলে চাঞ্চল্যকৰ পৰিস্থিতি৷নিশা ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিলে চাৰিচকীয়া বাহন ৷ ৰাইজে আটক কৰি কাজলগাঁও আৰক্ষীক গতাই দিয়ে।
এইজন যুৱকে পুৱতি নিশা বৰতালোৱাৰ ছলমান আলীৰ ঘৰত থকা চাৰিচকীয়া বাহন এটা লোৰ মাৰীৰে ভাঙি চূৰ্ন বিচুৰ্ণ কৰে। স্থানীয় ৰাইজে এই বিষয়ে অভিভাৱকক অৱগত কৰে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয়।
উল্লেখযোগ্য যে মহৰ আলী নামৰ নিচাসক্ত যুৱক জন বৰতালোৱা অঞ্চলত মানসিক বিকাৰগ্ৰস্তৰ ভাৱ ধৰি বহু দোকান-পোহাৰ আৰু ঘৰত বিস্থৰ ক্ষতি কৰা পৰিলক্ষিত হৈছে। কাৰোবাৰ চিচিটিভি কেমেৰা ভঙাৰ লগতে বিভিন্ন সামগ্ৰীৰ ক্ষতি কৰে।
এই যুৱকজনক লৈ বৰ্তমান মানুহৰ মনত ভয়ৰ সৃষ্টি হৈছে। ক’ত কেতিয়া কাক আক্ৰমন কৰে কোনেও নাজানে ৷সদায় হাতত ত্ৰিশূল নাইবা লোৰ মাৰী বা লাঠী থাকেই এই যুৱক জনৰ হাতত।
Leave A Comment